ৰাষ্ট্ৰীয়

মুুখ্যমন্ত্ৰীৰ কাৰ্টুন শ্বেয়াৰ! ১০ বছৰ কাৰাদণ্ড আৰু...

Asomiya Pratidin

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰীৰ কাৰ্টুন শ্বেয়াৰ কৰি বিপদত পৰিছিল এজন অধ্যাপক। কেইবাবছৰ কাৰাবাস খটাৰ পাছত ওলাই আহিল মুকলি আকাশৰ তললৈ।বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে ১০ বছৰ ধৰি আৱদ্ধ হৈ আছিল কাৰাগাৰত। অৱশেষত শুকুৰবাৰে কলকাতাৰ আলিপুৰ আদালতে তেওঁক অভিযোগৰ পৰা অব্যাহতি দিয়ে।

এই ঘটনা পশ্চিম বংগৰ। ২০১২ চনৰ এপ্ৰিল মাহত কলকাতাৰ পুৰবা যাদৱপুৰ আৰক্ষী থানাত অধ্যাপক অম্বিকেশ মহাপাত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযোগ অনুসৰি তেওঁ মমতা বেনাৰ্জীক লক্ষ্য কৰি বনোৱা এটা কাৰ্টুনটো ই মেইলযোগে কিছু লোকলৈ প্ৰেৰণ কৰিছিল তাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল তেওঁ।

উল্লেখ্য যে অম্বিকেশ মহাপাত্ৰই, মমতা বেনাৰ্জী আৰু টিএমচি নেতা মুকুল ৰয়ৰ কাৰ্টুন ফৰৱাৰ্ড কৰিছিল। কাৰ্টুনখন সত্যজিৎ ৰায়ৰ ১৯৭৪ চনৰ ডিটেকটিভ চলচ্চিত্ৰ 'সোণাৰ কেল্লা'ৰ ওপৰত আধাৰিত আছিল য'ত 'মুকুল' নামৰ এটা চৰিত্ৰ আছিল।

যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক অম্বিকেশ মহাপাত্ৰক ২০১২ চনৰ ১৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰা কাৰাগাৰতে আছিল তেওঁ।

আৰু পঢ়ক: জামুগুৰিহাটত নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল