ৰাষ্ট্ৰীয়

দপ্তৰ সলনি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ, নতুন আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল

Asomiya Pratidin

ডিজিটেল ডেস্কঃদপ্তৰ সাল-সলনি কৰা হ'ল মোডীৰ মন্ত্ৰীসভাৰ। শেহতীয়াকৈ মন্ত্ৰীসভাৰ ৰদবদলত আইন দপ্তৰ আঁতৰোৱা হ’ল কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজুৰ।

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা অৰ্জুন ৰাম মেঘৱালক তেওঁৰ হাতত থকা আন দপ্তৰৰ লগতে নতুন কেন্দ্ৰীয় আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে কিৰেন ৰিজিজুক ভূ-বিজ্ঞান বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়।

ইয়াৰ পূৰ্বে জীতেন্দ্ৰ সিং ভূ-বিজ্ঞান বিভাগৰ দায়িত্বত আছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই নিৰ্দেশ প্ৰদান কৰা হৈছে। প্ৰেছ বিজ্ঞপ্তিত থকা অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে এই ৰদ-বদল কৰা হৈছে।