ৰাষ্ট্ৰীয়

অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত ভাৰতীয় ছাত্ৰক প্ৰহাৰ খালিস্তান সমৰ্থকৰ। এজন ২৩ বছৰীয়া ভাৰতীয় ছাত্ৰক একাংশ খালিস্তান সমৰ্থকে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

ছাত্ৰজনক লোহাৰ লাঠিৰে প্ৰহাৰ কৰাৰ লগতে ঘোচাও মাৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ভাৰতীয় ছাত্ৰগৰাকী অষ্ট্ৰেলিয়াত অধ্যয়ন কৰাৰ লগতে গাড়ীচালক হিচাপেও কাম কৰে। উক্ত কাণ্ড সংঘটিত কৰি দলটোৱে খালিস্তান জিন্দাবাদ ধ্বনি দিয়ে।