ৰাষ্ট্ৰীয়

কেজৰিৱাল আৰু কে.কবিতাৰ ন্যায়িক জিম্মাৰ সময়সীমা ৭ মে'লৈ বৃদ্ধি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিআৰএছ নেতা কে.কবিতাৰ ন্যায়িক জিম্মাৰ সময়সীমা ৭ মে'লৈ বৃদ্ধি কৰা হৈছে। ১৫ এপ্ৰিলত আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰিছিল যদিও ফেডাৰেল এজেন্সীৰ সঁহাৰি নোপোৱালৈকে কেজৰিৱালক তাৎক্ষণিক সকাহ দিবলৈ আদালতে অস্বীকাৰ কৰিছে।

তথ্য অনুসৰি ইডি আৰু চিবিআই ৰ গোচৰৰ ভিত্তিত কে.কবিতাকো বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। চিবিআই য়ে তেলেংগানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা ৰাজ্যখনৰ বিধান পৰিষদৰ সদস্য কবিতাক তিহাৰ জেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। পূৰ্বতে ইডি ৰ গোচৰৰ ভিত্তিত তেওঁক তিহাৰ জেলত ৰখা হৈছিল।

আনহাতে,কেজৰিৱালৰ এখন আবেদনৰ বৰ্তমানেও উচ্চতম ন্যায়ালয়ত সমাধা হোৱা নাই, য’ত তেওঁ ধন সৰবৰাহৰ অভিযোগত ২১ মাৰ্চত ইডি য়ে গ্ৰেপ্তাৰ কৰাক প্ৰত্যাহ্বান জনাইছিল। উল্লেখ্য যে,দিল্লীৰ সুৰা নীতি কেলেংকাৰী সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ২১ মাৰ্চত ইডি য়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। ১ এপ্ৰিলৰ পৰা তিহাৰ জেলত ভৰ্তি হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।