কৰ্ণাটকত আকৌ হ'ব নিৰ্বাচন ! কংগ্ৰেছ নেতৃত্বৰ অসন্তুষ্টি দূৰ কৰাৰ নতুন কৌশল...
কৰ্ণাটকত আকৌ হ'ব নিৰ্বাচন ! কংগ্ৰেছ নেতৃত্বৰ অসন্তুষ্টি দূৰ কৰাৰ নতুন কৌশল...  
ৰাষ্ট্ৰীয়

কৰ্ণাটকত আকৌ হ'ব নিৰ্বাচন ! কংগ্ৰেছ নেতৃত্বৰ অসন্তুষ্টি দূৰ কৰাৰ নতুন কৌশল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি সন্ধিয়া কৰ্ণাটকত অনুষ্ঠিত হ’ব কংগ্ৰেছ বিধায়িনী দলৰ প্ৰথমখন বৈঠক। এই বৈঠকতে নিৰ্ধাৰণ কৰা হ'ব দলটোৰ নেতা তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব।

সোমবাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৰাজ্যখনৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি সন্ধিয়া বেংগালুৰুৰ এখন হোটেলত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত অংশগ্ৰহণ কৰিব কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো।

বৈঠকখনত উপস্থিত থাকিব নৱ নিৰ্বাচিত ১৩৫ গৰাকী বিধায়ক।চৰ্চা অনুসৰি ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ডি কে শিৱকুমাৰৰ। তেওঁকেই দলটোৱে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব।

ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ গঠনৰ ক্ষেত্ৰত ডি কে শিৱকুমাৰৰ ভূমিকা আছিল উল্লেখনীয়। কৰ্ণাটক কংগ্ৰেছৰ এই মুহূৰ্তত আতাইকতৈ জনপ্ৰিয় নেতাগৰাকীয়েই হ'ল ডি কে শিৱকুমাৰ।

অৱশ্যে এই মুহূৰ্তত ডিকে শিৱকুমাৰেই যে দলটোৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ বিধায়কসকলৰ অসন্তুষ্টি দূৰ কৰিবলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিবলৈ ডি কে শিৱকুমাৰকে ধৰি দলটোৰ নেতৃত্ববহন কৰা আৰু মুখ্যমন্ত্ৰীত্বৰ বাবে দাবীদাৰ কেইজনৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰাৰো এক পন্থা তৈয়াৰ কৰি ৰাখিছে।

পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ত দলটো ঐক্যমতত উপনীত হ'ব নোৱাৰিলেই এই পন্থাকেই কাৰ্যকৰী কৰা হ'ব। ১৩৫ গৰাকী বিধায়কৰ ভিতৰত বিধায়িনী দলৰ নেতা তথা পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ত গোপন ভোটৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব।

অৱশ্যে ৰাষ্ট্ৰীয় নেতৃত্বই পৰিস্থিতি এই পৰ্যায়ত যাতে উপনীত নহয় তাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে আৰু এই চেষ্টাত কিছু পৰিমাণে সফলতা লাভ কৰিছে বুলিও চৰ্চা চলিছে। সকলো ঠিকেই থাকিলে সোমবাৰে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে গঠন কৰিব কেবিনেট আৰু এই কেবিনেটে প্ৰথমখন বৈঠকত মিলিত হ'ব।