ৰাষ্ট্ৰীয়

কোন হ'ব চিবিআইৰ পৰৱৰ্তী সঞ্চালক ?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত গঠিত তিনি জনীয়া পেনেলে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ৰ পৰৱৰ্তী সঞ্চালক কোন হ'ব এই লৈ এক বৈঠক অনুষ্ঠিত হয় । শনিবাৰে প্ৰধানমন্ত্ৰী মোডীসহ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ পেনেলে চিবিআইৰ সঞ্চালক পদৰ বাবে তালিকাত থকা শীৰ্ষ বিষয়াসকলৰ লগতে কৰ্ণাটকৰ ডিজিপি প্ৰবীণ সুদৰ নাম অন্তভুক্ত কৰিছে ।

খবৰ অনুসৰি সঞ্চালক পদৰ বাবে নিৰ্বাচন কৰা বিষয়াসকলৰ তালিকাত নাম নাছিল ডিজিপিগৰাকীৰ । প্ৰবীণ সুদৰ নাম শেষ সময়তহে তালিকাত অন্তভুক্ত কৰা হৈছিল ।

ডিজিপি সুদ হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৮৬ বৰ্ষৰ কৰ্ণাটক কেডাৰৰ আইপিএছ বিষয়া। তেওঁক তিনি বছৰ পূৰ্বে ৰাজ্যিক ডিজিপি পদত নিযুক্তি প্ৰদান কৰা হৈছিল।ডিজিপিগৰাকী দিল্লীৰ আই আই টিৰ প্ৰাক্তন ছাত্ৰ ।

ডিজিপি হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্তি পৰিব ২০২৪ মে'ত । কিন্তু যদিহে বৰ্তমানে তেওঁ চিবিআইৰ সঞ্চালক পদত অধিষ্ঠিত হয় তেনেহলে কাৰ্যকালৰ ম্যাদ বৃদ্ধি পাব ।

দুবছৰীয়া কাৰ্যকালৰ বাবে সঞ্চালক পদত অধিস্থিত হ'ব প্ৰবীণ সুদ । সঞ্চালক পদত অধিষ্ঠিত হলে অহা বছৰৰ অৱসৰৰ পৰিৱৰ্তে ২০২৫ চনৰ মে' মাহলৈ কাৰ্যকালৰ বৃদ্ধি পাব সুদৰ।