ৰাষ্ট্ৰীয়

অসম কন্যাৰ শিৰত জিলিকিল "জুনিয়ৰ মিচ ইণ্ডিয়া২০২৩"ৰ খিতাপ

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ অসম কন্যা বিশ্ৰোতী বৰাৰ শিৰত জিলিকিল জুনিয়ৰ মিচ ইণ্ডিয়া২০২৩ৰ মুকুট। গোৱাত অনুষ্ঠিত নেচনেল লেভেল জুনিয়ৰ কিডচ(বি) শাখাৰ সৌন্দৰ্য প্ৰতিযোগিতাত নগাঁৱৰ ৬ বছৰীয়া বিশ্ৰোতী বৰাই অংশলৈ শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জনৰে অসমবাসীক গৌৰম্বাম্বিত কৰে।

জুনিয়ৰ কিডচ(বি) শাখাৰ নিয়ম অনুসৰি বিজয়ী প্ৰতিযোগীসকলে মালয়েছিয়াত হ'বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰত্যক্ষভাবে ভাগ ল'ব পাৰে। শিৰত বিজয়ৰ মুকুট আৰু কান্ধত চেছ পৰিধান কৰা মাত্ৰেই বিশ্ৰোতীৰ মালয়েছিয়া যাত্ৰাও এতিয়া নিশ্চিত হৈ পৰিছে। ইয়াৰ উপৰিও কণমানি বিশ্ৰোতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা জুনিয়ৰ লেভেল সৌন্দৰ্য প্ৰতিযোগিতা সমূহত খিতাপ অৰ্জনৰে সময়ে সময়ে ৰাজ্যবাসীক গৌৰম্বাম্বিত কৰি আহিছে।

বিশ্ৰোতীয়ে ২০২০বৰ্ষতে মিচ কিডচ তেজপুৰ, মিচ কিড নৰ্থইষ্ট আৰু কাচোনমতি মিচ কিডচ ধেমাজি, ২০২১ বৰ্ষত মিচ আসাম কিডচৰ বিজয়ীৰ মুকুট শিৰত জিলিকাবলৈ সক্ষম হৈছিল। স্বাভাৱিকতেই বিশ্ৰোতীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ। অতি কম বয়সৰ পৰাই বিশ্ৰোতীৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতি অধিক আগ্ৰহ দেখি তাইক পিতৃ মাতৃৰ সমান্তৰালকৈ আত্মীয়সকলেও সহযোগীতা আগবঢ়াইছিল। যাৰ বাবে বিশ্ৰোতীয়ে ৬ বছৰ বয়সতে অসমৰ নাম বহিঃৰাজ্যত উজ্বলাই তুলিবলৈ সক্ষম হৈছে।

অসমবাসীৰ আশিস শিৰত লৈ বিজয়ৰ মুকুট শিৰত পৰিধান কৰাৰ লক্ষ্যৰে অহা মাহত বিশ্ৰোতীয়ে উৰা মাৰিব মালয়েছিয়ালৈ। অসমবাসীৰ লগতে আমিও আশা কৰিছোঁ সফল হৈ আহক বিশ্ৰোতী। সফলতাৰ শিখৰৰ শীৰ্ষত থিয় হৈ কেৱলমাত্ৰ বহিঃৰাজ্যতেই নহয় বহিঃদেশতো জিলিকাই তোলক অসমৰ নাম।