congress
congress 
ৰাষ্ট্ৰীয়

কংগ্ৰেছৰ অৰ্থ 'দুৰ্নীতি, পাৰিবাৰিক দল', বিজেপিৰ অৰ্থ 'মিছন, সমাজ সেৱা, মহিলা সৱলীকৰণ'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ৰাজনীতিত উত্তপ্ত পৰিস্থিতি চলি আছে। ২০১৯ চনৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পাছতেই সাংসদ পদ কৰ্তন হৈছিল নেতা গৰাকীৰ। ইয়াৰ পাছতেই বিভিন্ন মহলত সৃষ্টি হৈছিল চৰ্চাৰ।

ইয়াৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই কংগ্ৰেছৰ কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে, কংগ্ৰেছৰ অৰ্থ হৈছে দুৰ্নীতি, দালালী, বিভাজন, পাৰিবাৰিক দল। আনহাতে বিজেপিৰ অৰ্থ হৈছে মিছন, সমাজ সেৱা, মহিলা সৱলীকৰণ, সমাজৰ সৱলীকৰণ আৰু প্ৰতিবেদন কাৰ্ডৰ সংস্কৃতি।

ৰাহুল গান্ধীক লোকসভাৰ সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে ৰছী জ্বলি গ'ল কিন্তু অহংকাৰ এতিয়াও আছে। দেওবাৰে ভোপালৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে নাড্ডাই।

তেওঁ লগতে কয় যে "কংগ্ৰেছৰ কাম হ'ল ভাতৃৰ সৈতে ভাতৃ, ধৰ্মৰ সৈতে ধৰ্ম, জাতিৰ সৈতে জাতিৰ যুঁজ কৰা। কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰে।

কংগ্ৰেছে সত্যাগ্ৰহ কৰা সন্দৰ্ভত নাড্ডাই কয় যে " কিহৰ সত্যাগ্ৰহ কৰি আছে? আইনত বিশ্বাস নকৰে নেকি। আপুনি জাতিক অপব্যৱহাৰ কৰে। আদালতে কৈছে ক্ষমা বিচাৰক। আপোনাৰ অহংকাৰ আছে, আপুনি ক্ষমা নিবিচাৰে''।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে মোডীৰ বিৰুদ্ধে অপমান জনক মন্তব্য কৰিছিল। সকলো মোডীকে চোৰ বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীক।