Shashikant Warishe
Shashikant Warishe 
ৰাষ্ট্ৰীয়

ভূ-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পাছতেই সাংবাদিকক নৃশংসভাৱে হত্যা

Asomiya Pratidin

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰত সাংবাদিক শশীকান্ত ৱাৰিছেৰ হত্যাৰ বাবে শোক প্ৰকাশ কৰে পিইচিয়ে লগতে আৰু অপৰাধীক চিনাক্ত কৰি শাস্তি দিয়াৰ বাবে দাবী জনায়। মাৰাঠী ভাষাৰ দৈনিক মহানাগৰী টাইমছ কৰ্মৰতক ৱাৰিছে (৪৮)ক সোমবাৰে ৰাজাপুৰ অঞ্চলত এখন চাৰিচকীয়া বাহনেৰে খুন্দিওৱা হৈছিল। তাৰ পাছত তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰীত সাংবাদিক গৰাকীৰ মৃত্যু হয়।

সাংবাদিক গৰাকীয়ে এটা পেট্ৰ'লিয়াম শোধনাগাৰৰ ওপৰত কেইবাটাও প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই শোধানগৰ পৰিযোজনাৰ বিৰোধ কৰিছিল স্থানীয় ৰাইজে।

হত্যাকাণ্ড সংঘটিত হোৱা দিনটোত ৱাৰিছে তেওঁৰ দুচকীয়া বাহনেৰে গৈ আছিল। তেতিয়া এখন দ্ৰুতবেগী চাৰিচকীয়া বাহনে খুন্দা মাৰ কিছু দূৰলৈ টানি নিয়ে তেওঁক। চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু হৈছিল সাংবাদিক গৰাকীৰ।

পাণ্ডৰিনাথ আম্বেকাৰ নামৰ এজন স্থানীয় ভূমি মাফিয়াক সংবাদিক গৰাকীয়ে তেওঁৰ প্ৰতিবেদনত অপৰাধী বুলি বৰ্ণনা কৰিছিল। তেওঁৱেই চাৰিচকীয়া বাহনখন চলাই আছিল বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰ আৰক্ষীয়ে আম্বেকাৰৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰিছে লগতে তেওঁক গ্ৰেপ্তাৰো কৰে।

উল্লেখ্য যে, অভিযুক্তৰ বিৰুদ্ধে শশীকান্ত ৱাৰিছেৰ বাতৰি প্ৰকাশৰ কেইঘন্টমান পাছতেই এই ঘটনা সংঘটিত হয়। পিইচি (Press Emblem Campaign ) য়ে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে। পিইচিৰ সভাপতি ব্লেজ লেম্পেনে কয় যে আশিকুল ইছলাম (বাংলাদেশ), মাৰ্টিনেজ জোগো (কেমেৰোন) আৰু মাইকেল ফিনলে (কানাডা)ৰ পিছত এই বছৰ বিশ্বত হত্যাৰ বলি হোৱা চতুৰ্থজন সাংবাদিক হ'ব শশীকান্ত।

আৰু পঢ়ক: বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা হাতত লৈছে সেয়া অবৈধ: অখিল গগৈ