ৰাষ্ট্ৰীয়

ঝাৰখণ্ডৰ কয়লা খনিত দুৰ্যোগ : নিহত ৩

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কয়লা খনিত মৃত্যু কৰ্মচাৰীৰ। এই ঘটনা সংঘটিতত হৈছে ঝাৰখণ্ডৰ ধানবাদত। শুকুৰবাৰে পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এই দুৰ্যোগ।

ধানবাদৰ পৰা প্ৰায় ২১ কি.মি. নিলগত অৱস্থিত ভাৰত কোকিং কোল লিমিটেড নামৰ এটি কয়লা খনিত সংঘটিত দুৰ্যোগৰ ফলত প্ৰায় ৩জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, কয়লা খনিটোত কাম-কাজ চলি থকাৰ মাজতে খনিৰ এটি অংশ খহি পৰে। ফলত,কৰ্মৰত ৩গৰাকী লোকৰ মৃত্যু হয়।

আনহাতে একাংশ কৰ্মচাৰী খনিৰ ভিতৰতে আৱদ্ধ হৈ আছে বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে। অৱশ্যে,স্থানীয় আৰক্ষী অধীক্ষককে জনোৱা অনুসৰি,দুৰ্যোগৰ ফলত নিহত অথবা আহতৰ সংখ্যা সঠিককৈ উল্লেখ কৰিব পৰা নাই।

বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকা বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে উক্ত খনিটিত স্থানীয় ভালেসংখ্যক লোক কৰ্মৰত অৱস্থাত আছিল আৰু তাৰেই একাংশই গুৰুতৰভাৱে আহত ৩গৰাকী কৰ্মচাৰীক খনিৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কিন্তু উক্ত ৩ কৰ্মচাৰী কিছুসময় চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি থাকে যদিও পাছত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।