ৰাষ্ট্ৰীয়

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত পৰিল বাহন, ১০ জন নিহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু-শ্রীনগৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই খাৱৈত বাগৰিল এখন বাহন। যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত ১০গৰাকী যাত্রী।

ৰামবান এলেকাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল বাহনখন। তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ৩০০ ফুট খাদত পৰে। ২৯ ডিচেম্বৰ পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল। প্ৰৱল বৰষুণৰ আৰু অন্ধকাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।

উল্লেখ্য যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছিল য'ত উল্লেখ আছিল যে জম্মু-কাশ্মীৰ আৰু লাডাঙত ধাৰাসাৰ বৰষুণ,ধুমুহা হ'ব পাৰে।