প্ৰতীকি ফটো
প্ৰতীকি ফটো 
ৰাষ্ট্ৰীয়

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত দেশৰ বাবে ছহীদ এগৰাকী সেনা জোৱান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত ছহীদ এগৰাকী সেনা জোৱান। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাজি মল বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সেনা জোৱানৰ মাজত সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষতে ছহীদ সেনা বিষয়াগৰাকী।

বৰ্তমানো চলি থকা এই সংঘৰ্ষত ৪ জনকৈ সেনা জোৱান দেশৰ বাবে ছহীদ হৈছে। এখন বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পিছত সেনাৰ বিশেষ বাহিনী আৰু আৰক্ষীয়ে যুটীয়া অভিযান আৰম্ভ কৰিছিল।

জম্মু -কাশ্মীৰৰ পীৰ পাঞ্জাল বনাঞ্চল বিগত কেইবাবছৰ ধৰি এনে সংঘৰ্ষ সংঘটিত হৈ আহিছে। ঘন অৰণ্যৰ সুযোগ লৈ এনে ঠাইসমূহত সন্ত্ৰাসবাদী সমূহে আশ্ৰয় লয়। যোৱা সপ্তাহত এজন সন্ত্ৰাসবাদীও নিহত হৈছিল।