Advertisment

কঠীয়াতলী শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট শিক্ষকৰ প্ৰতিবাদ

কঠীয়াতলী শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট শিক্ষকৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী শিক্ষাখণ্ডৰ কাৰ্যালয়ত টেট শিক্ষকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কামপুৰ: সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত আজি নগাঁও জিলাৰ কঠীয়াতলী  শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । টেট উত্তীৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ সন্মান অক্ষুন্ন ৰাখি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰাৰ দাবীৰে শিক্ষক সকলে শিক্ষা খণ্ডটোৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টা ধৰ্ণা দিয়ে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি অনন্ত ৰাজা, 

Advertisment

সম্পাদক প্ৰাঞ্জল প্ৰতিম  ডেকা, জিলাৰ প্ৰতিনিধি জাগৃতি লস্কৰ, কুকিল দাস, লুটফুৰ ৰহমানৰ লগতে টেট উত্তীৰ্ণ শিক্ষক সকল উপস্থিত থাকে । প্ৰতিবাদী শিক্ষক সকলে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া গৰাকীক প্ৰদান কৰে ।

Also Read: চাকৰি আৰু ধনৰ প্ৰলোভন! খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ বাবে বাধ্য কৰোৱা ১০ জন আৰক্ষীৰ জালত

protest TET