ৰাষ্ট্ৰীয়

ভাৰতক বৈদিক কালৰ পৰা জ্ঞানী সমাজ হিচাপে প্ৰতিষ্ঠা কৰাত সংস্কৃতৰ ভূমিকা আছেঃ ISRO ৰ অধ্যক্ষ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আই এছ আৰ অৰ অধ্যক্ষ এছ সোমনাথে কয় যে ভাৰত বৈদিক কালৰ পৰাই ভাৰত এখন জ্ঞানী সমাজ য'ত সংস্কৃতিয়ে ভূমিকা পালন কৰি আহিছে।  গণিত, চিকিৎসা, তত্ব বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান আদি বিষয়সমূহ সংস্কৃতত লিখা হৈছিল। তেওঁ কয় যে এনে সকলো শিক্ষা কেইবা হাজাৰ বছৰৰ পিছত "পশ্চিমীয়া বিজ্ঞানীসকলৰ দ্বাৰা কৰা আৱিষ্কাৰ"ৰ ৰূপত দেশলৈ ঘূৰি আহিছিল।

সোমনাথে বুধবাৰে মহৰ্ষি পাণিত সংস্কৃত-বৈদিক বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত সম্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে পৃথিৱীৰ প্ৰাচীন ভাষা সমূহৰ ভিতৰত অন্য়তম সংস্কৃত। য'ত কবিতা, তৰ্ক, ব্যাকৰণ, দৰ্শন, বিজ্ঞান, উদ্যোগিক, গণিত আৰু অন্য বিষয়ো অন্তৰ্ভুক্ত আছে।

তেওঁ কয় যে, সংস্কৃতত মই দেখা প্ৰথমখন কিতাপ আছিল সূৰ্য সিদ্ধান্ত। এই কিতাপখনত বিশেষকৈ সৌৰজগতৰ বিষয়ে উল্লেখ আছে। কেনেকৈ গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে , ইয়াৰ গতি আদিৰ বিষয়ে উল্লেখ আছে।

 তেওঁ কয় যে, "এই সকলো জ্ঞান ইয়াৰ পৰা গৈ আৰৱ পাইছিল, তাৰ পিছত ইউৰোপ আৰু হাজাৰ হাজাৰ বছৰৰ পিছত মহান পশ্চিমে বৈজ্ঞানিক আৱিষ্কাৰৰ ৰূপত আমাৰ ওচৰলৈ ঘূৰাই আনিছিল।

তেওঁ লগতে কয় যে, এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা বা যন্ত্ৰ শিক্ষণৰ লগত জড়িত লোকসকলে সংস্কৃত যথেষ্ঠ ভাল পায়।