ৰাষ্ট্ৰীয়

মহানুভৱতা : ৰতন টাটাই নিৰ্মাণ কৰিব কুকুৰৰ বাবে চিকিৎসালয়

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম ধনাঢ্য উদ্যোগপতি ৰতন টাটা। উদ্যোগপতি হিচাপে তেওঁ সৰ্বত্ৰে জনাজাত। পিচে তেওঁ এগৰাকী উদ্যোগপতি হোৱাৰ উপৰি আবেগপ্ৰৱণ ব্যক্তি হিচাপে প্ৰায়ে চৰ্চাত থাকে।

আনৰ দুখত দুখী,সুখত সুখী হ'ব পৰা গুণৰ বাবে তেওঁ নমস্য ব্যক্তি। বিভিন্ন সময়ত আগবঢ়োৱা সহায়-সাহাৰ্যৰ বাবে সৰহ সংখ্যকৰে প্ৰিয় ব্যক্তি ৰতন টাটা। এইগৰাকী মহান ব্যক্তিৰ আছে কুকুৰৰ প্ৰতি দুৰ্বলতা।

সেয়ে টাটা ন্যাসৰ জৰিয়তে মুম্বাইত নিৰ্মাণ কৰিব ওলাইছে এখন পশু চিকিৎসালয়। এই চিকিৎসালয়খনত বিশেষকৈ কুকুৰক প্ৰাধান্য দিয়া হ'ব বুলি জানিব পৰা গৈছে। টাটা ন্যাসৰ বিষয়ববীয়াই জনোৱা অনুসৰি দক্ষিণ মুম্বাইৰ মহালক্ষ্মী অঞ্চলত দেশৰ প্ৰথমখন অত্যাধুনিক ক্ষুদ্ৰ পশু চিকিৎসালয় আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে।

প্ৰস্তাৱিত হাস্পতালখন ২০০বিচনাযুক্ত হ'ব। ইয়াৰোপৰি টাটাৰ দ্বাৰা নিৰ্মাণ কৰিব লগা এই চিকিৎসালয়খন, ৯৮,০০০ বৰ্গফুটৰ ৫মহলীয়া চিকিৎসালয় হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞ চিকিৎসক, নাৰ্চ তথা কৰ্মচাৰীক নিয়োগ কৰি উন্নতমানৰ হাস্পতাল হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা কৰিব।

প্ৰস্তাৱিত চিকিৎসালয়খনৰ সন্দৰ্ভত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয়- পশু চিকিৎসালয়খনৰ লক্ষ্য হৈছে প্ৰতিটো পোহনীয়া জন্তুক যত্ন, মৰম আৰু মানৱীয় দৃষ্টিভংগী প্ৰদান কৰা। পোহনীয়া জন্তুবোৰ আমাৰ পৰিয়াল আৰু তেওঁলোকৰ জীৱন প্ৰতিজন পিতৃ-মাতৃৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰতত পোহনীয়া জন্তুৰ বাবে সু-ব্যৱস্থাৰ অভাৱ দেখিছিলো, যিয়ে মোক আচৰিত কৰি তুলিছিল বুলি তেওঁ মন্তব্য কৰে।