ৰাষ্ট্ৰীয়

উদ্ধাৰ ড্ৰোণৰ ভগ্নাৱশেষ : ভাৰত-পাকিস্তান সীমান্তত সঘন অহা-যোৱা পাকিস্তনী দুষ্টচক্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত কেইটামান দিনৰ পৰা ভাৰত পাকিস্তান সীমান্তত পাকিস্তানী দুষ্টচক্ৰৰ সঘন আহ-যাহ তথা ড্ৰোণৰ পৰিভ্ৰমণ দেখা পোৱা গৈছে। যাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে।

সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) সৈন্যই সোমবাৰেও অমৃতসৰ জিলাৰ ধানো কলন গাঁৱৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা ভাৰতীয় সীমাত প্ৰৱেশ কৰা এটা ড্ৰোনৰ কিছু অংশ জব্দ কৰে। বিএছএফৰ এজন মুখপাত্ৰই জনোৱা মতে, এজন কৃষকৰ পৰা পোৱা তথ্যৰ ভিত্তিত উক্ত স্থানৰ ভিতৰোৱা অঞ্চলত তালাচী চলাই ড্ৰোণৰ অৱশিষ্ট উদ্ধাৰ কৰে।

অনুসন্ধানৰ সময়ত গাওঁখনৰ ঘেঁহুপথাৰৰ পৰা এটা ভঙা প্ৰ'পেলাৰ আৰু ড্ৰোনটোৰ এটা বেটাৰী (৫৯৩৫ এমএএইচ) উদ্ধাৰ কৰা হয়। কৃষকজনে ঘেঁহুৰ শস্য চপোৱাৰ সময়ত উক্ত অংশবোৰ প্ৰতক্ষ্য কৰাৰ পাছত সেনা বাহিনীক অৱগত কৰিছিল।

সেনা বাহিনীৰ সন্দেহ ড্ৰোণেৰে নিষিদ্ধ সামগ্ৰী যেনে হেৰোইন আদি কঢ়িওৱা হৈছিল। কিয়নো এই ঘটনাৰ সমান্তৰাল ভাৱে ফিৰোজপুৰ বিএছএফৰ সৈন্যই সোমবাৰে ফাজিলকা গাঁৱত ২ কিলোগ্ৰাম হেৰোইন জব্দ কৰে।