চিনাকী ৰে'লপথ হ'ব অচিনাকী ! আঁতৰিব শিলগুটি
চিনাকী ৰে'লপথ হ'ব অচিনাকী ! আঁতৰিব শিলগুটি 
ৰাষ্ট্ৰীয়

চিনাকী ৰে'লপথ হ'ব অচিনাকী ! আঁতৰিব শিলগুটি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সলনি হ’ব আপুনি মই সদায় দেখি থকা চিনাকী ৰে'লপথ। চিৰ পৰিচিত ৰে'লপথত আৰু নেদেখিব শিলগুটি। কিয়নো ভাৰতীয় ৰে'ল বিভাগে ৰে'ল পথ উন্নয়নৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।

শতিকাজুৰি ৰে'লপথত ব্যৱহাৰ হৈ অহা শিলগুটি অতীত হ'ব। ইয়াৰ পৰিৱৰ্তে ৰে'ল বিভাগে শিলুগুটিবিহীন শ্লেব ট্ৰেক নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে'ল বিভাগে পি পি পি অৰ্থাত পিপলছ, প্ৰাইভেট আৰু পাৰ্টনাৰশ্বিপ মডেলত শিলগুটিবিহীন ভাৱে শ্লেব ট্ৰেক নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শীঘ্ৰেই এই সিদ্ধান্ত কাৰ্যকৰীও কৰা হ'ব।

প্ৰাৰম্ভিকতে দেশৰ ১৬ টা ৰে'ল ষ্টেচন শিলগুটিবিহীন ভাবে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে'ল ষ্টেচনসমূহে কেইবাটাও প্ৰধান পৰ্যটনস্থলীক সাঙুৰি ল'ব।

এই ১৬ টা ৰে'ল ষ্টেচনৰ ভিতৰত নতুন দিল্লীৰে আছে ৩ টা ষ্টেচন। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে দেশৰ সকলো ৰে'লপথ শিলগুটিবিহীন ভাৱে নিৰ্মাণ কৰা হ'ব বুলিও প্ৰকাশ পাইছে।