mountaineer baljit kaur
mountaineer baljit kaur 
ৰাষ্ট্ৰীয়

মৃত্যুৰ আশংকা কৰা বলজিৎ কৌৰক জীৱন্তে উদ্ধাৰ মাউন্ট অন্নপূৰ্ণাৰ পৰা

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিশ্বৰ দশম সৰ্বোচ্চ শৃংগ মাউন্ট অন্নপূৰ্ণা আৰোহণ কৰি নামি অহাৰ সময়তে দুৰ্ঘটনাতপতিত হৈ মৃ্ত্যুবৰণ কৰা বুলি আশংকা কৰা ভাৰতীয় মহিলা পৰ্বতাৰোহী বলজিৎ কৌৰ (২৭)ক জীৱন্তে উদ্ধাৰ কৰা হৈছে ।

মঙলবাৰে পুৱা পৰ্বতাৰোহণৰ আয়োজকসকলে কৌৰৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল যদিও পিছত তেওঁক বিমানেৰে কৰা সন্ধানৰ সময়ত জীৱন্তে দেখা পোৱা যায় । সোমবাৰে কৃত্ৰিম অক্সিজেনৰ যোগান নোহোৱাকৈ কৌৰে শৃংগটো আৰোহণ কৰে ।

ইফালে সেই শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তেই আয়াৰলেণ্ডৰ বিশ্ববিখ্যাত পৰ্বতাৰোহী ন'ৱেল হান্নাৰ মৃত্যু হয় । ৮০৯১ মিটাৰ উচ্চতাৰ এই শৃংগ আৰোহণৰ পাছত ৪ নং শিবিৰত মৃত্যু ঘটে ১০ বাৰকৈ এভাৰেষ্ট জয় কৰা হান্নাৰ ।