ভাৰতীয় সেনাত চাকৰিঃ সময়সীমা পাৰ হোৱাৰ পূৰ্বেই কৰক আৱেদন...
ভাৰতীয় সেনাত চাকৰিঃ সময়সীমা পাৰ হোৱাৰ পূৰ্বেই কৰক আৱেদন... 
ৰাষ্ট্ৰীয়

ভাৰতীয় সেনাত চাকৰিঃ সময়সীমা পাৰ হোৱাৰ পূৰ্বেই কৰক আৱেদন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাত যোগদান কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। ভাৰতীয় সেনাই নিযুক্তি সম্পৰ্কীয় এক বিজ্ঞাপন প্ৰকাশ কৰিছে। গ্ৰুপ 'চি'ৰ বিভিন্ন পদৰ বাবে প্ৰকাশিত এই বিজ্ঞাপন অনুসৰি আৱেদনৰ অন্তিম তাৰিখ আগন্তুক ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখ। ইতিমধ্যে এই পদসমূহৰ বাবে আৱেদন প্ৰক্ৰিয়া চলি আছে।

গ্ৰুপ চিৰ পদসমূহৰ ভিতৰত আছে কুক, নাপিত, টেইলৰ, মেছেঞ্জাৰ, ড্ৰাফটি, চাফাইৱালা আদি। এই পদসমূহৰ বাবে নিৰ্ধাৰিত শিক্ষাগত অৰ্হতা হৈছে দশম শ্ৰেণী বা সমপৰ্যায়ৰ। ৰান্ধনী পদৰ প্ৰাৰ্থীসকলৰ ভাৰতীয় খাদ্যৰ ৰন্ধন শৈলীৰ বিষয়ে জ্ঞান থকাটো জৰুৰী। টেইলৰ পদৰ বাবে প্ৰাৰ্থীসকলৰ কোনে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত টেইলৰ হিচাপে ৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আনহাতে বয়সৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ নিম্নতম সীমা ১৮ আৰু উচ্চতম সীমা ২৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ দৰমহা হ'ব ১৮ হাজাৰৰ পৰা ৫৬,৯০০ টকা।

আগ্ৰহী প্ৰাৰ্থীসকলে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইটলৈ গৈ সবিশেষ চাব পাৰে। আৱেদন প্ৰক্ৰিয়া হ'ব অফলাই মাধ্যমত। প্ৰাৰ্থীসকলে প্ৰয়োজনীয় নথি আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰসমূহ আৱেদনৰ লগত "SELECTION BOARD GP 'C' POST JAK RIF REGIMENTAL CENTRE JABALPUR CANTT PIN 482001" ঠিকনাত প্ৰেৰণ কৰিব লাগিব।