দ্বিতীয় টেষ্টত দ্বিশতক যশস্বী জয়ছোৱালৰ...
দ্বিতীয় টেষ্টত দ্বিশতক যশস্বী জয়ছোৱালৰ... 
ৰাষ্ট্ৰীয়

দ্বিতীয় টেষ্টত দ্বিশতক যশস্বী জয়ছোৱালৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঈশ্বৰৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ। কেৱল কষ্ট কৰিলেই নহ'ব, লাগিব ঈশ্বৰৰ কৃপাদৃষ্টি। ভাৰতৰ তৰুণ ক্ৰিকেটাৰ যশস্বী জয়ছোৱালে দ্বিশতক অৰ্জনৰ পাছতেই এতিয়া চৰ্চা হৈছে এইবোৰ কথা।

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথমটো দিনত ১৭৯ ৰাণত অপৰাজিত হৈ আছিল যশস্বী জয়ছোৱাল। টেষ্টখনৰ দ্বিতীয়টো দিনৰ আৰম্ভণিৰ কিছু সময়ৰ পাছতেই তৰুণ ক্ৰিকেটাৰগৰাকীয়ে দ্বিশতক অৰ্জন কৰিলে।

যিসময়ত ভাৰতীয় দলটোৰ জ্যেষ্ঠ তথা অভিজ্ঞ বেটছমেনসকল ইংলিছ বলাৰসকলৰ সন্মুখত একপ্ৰকাৰে দিশহাৰা হ'ল, সেই সময়তে তৰুণ, অনভিজ্ঞ তথা প্ৰতিভাৱান যশস্বী জয়ছোৱাল ইংলিছ বলাৰসকলৰ বাবে প্ৰত্যাহ্বান হৈ পৰিল। দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতে ১৭৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা জয়ছোৱালৰ পৰা কেৱল ভাৰতীয় অনুৰাগীয়েই নহয়, বৰঞ্চ ইংলিছ দলটোৰো খেলুৱৈসকলে দ্বিশতক অৰ্জনৰ আশা কৰিছিল। ক্ৰিকেট অনুৰাগীৰ এই আশাক বাস্তৱায়িত কৰিলে তৰুণ ক্ৰিকেটাৰগৰাকীয়ে।

ক্ৰিকেটাৰগৰাকীয়ে দ্বিতীয় দিনৰ আৰম্ভণিতে ছোয়েব বাছিৰৰ এটা বলত বাউণ্ডেৰী কোবাই ২০০ ৰাণৰ স্পৰ্শ অতিক্ৰম কৰে। এই দ্বিশতক অৰ্জনত তেওঁক প্ৰয়োজন হ'ল মাত্ৰ ২৭৭ টা বল।

যশস্বীৰ এই দ্বিশতকীয় ইনিংছৰ সহায়ত ভাৰতৰ স্ক'ৰ ৪০০ ৰাণৰ কাষ চাপিগৈছে। ২০৯ ৰাণৰ ইনিংছ খেলি পেভিলীয়নমুখী হোৱা জয়ছোৱালৰ এই ইনিংছ আচিল অতি গুৰুত্বপূৰ্ণ।

জয়ছোৱালৰ বেটিং পৰাক্ৰম দেখি বীৰেন্দ্ৰ সেহৱাগে ক'লে জয়ছোৱালে অকলেই ইংলিছ দলটোক চাপত পেলাবলৈ সক্ষম হ'ল। ইয়াৰ পূৰ্বে 'ক্ৰিকেট ঈশ্বৰ' শচীন তেণ্ডুলকাৰে এক্সত যশস্বী জয়ছোৱালক উদ্দেশ্য কৰি লিখিছিল 'যশস্বী ভব'। ইয়াৰ পিছতেই জয়ছোৱালে দ্বিশতক অৰ্জন কৰাত এতিয়া বিশ্বজুৰি ক্ৰিকেট অনুৰাগীৰ মাজত ভাইৰেল হৈ পৰিছে সেই টুইট। ট্ৰেণ্ডিঙত আছে যশস্বী জয়ছোৱাল।