ৰাষ্ট্ৰীয়

অগ্নি সুৰক্ষাৰ প্ৰতি লক্ষ্য নকৰাকৈয়ে চিকিৎসালয়ৰ ভিতৰত সম্পন্ন কৰা হ'ল যজ্ঞ !

Asomiya Pratidin

ডিজিটেল ডেস্ক : চিকিৎসালয়, শিক্ষানুষ্ঠান অথবা শ্বপিং ম'ল জাতীয় প্ৰতিষ্ঠানসমূহত যি ৰাজহুৱা সমাৱেশস্থলী ৰূপে গণ্য কৰা হয় তেনে প্ৰতিষ্ঠানসমূহত অগ্নি অথবা আন প্ৰাকৃতিক দুৰ্যোগসমূহৰ সুৰক্ষাৰ প্ৰতি অতি সচেতনতা অৱলম্বন কৰা হয় সততে । প্ৰতিবছৰে দেশৰ দুৰ্যোগ নিয়ন্ত্ৰণ শাখাৰ সৈতে যুটীয়া প্ৰচেষ্টাত লোৱা হয় বহু কাৰ্যসূচীও য'ত কৰ্মচাৰীসকলক এনে দুৰ্যোগ প্ৰশমনৰ শিক্ষা দিয়া হয় সামগ্ৰিকভাৱে । কিন্তু ই কিমান দূৰলৈ প্ৰযোজ্য হ'ব সেই দায়িত্ব কিন্তু প্ৰতিষ্ঠানটিয়েই ল'ব লাগিব ।

এই ক্ষেত্ৰত সচাকৈ সফল নে ভাৰতবৰ্ষ ? এতিয়া এই প্ৰশ্নৰ উত্থাপন হৈছে সামাজিক মাধ্যমত । কিয়নো দেশৰ অগ্ৰণী সংবাদ মাধ্যম 'দা হিন্দু'ৰ এগৰাকী সম্পাদক ৱাৰ্ঘেছ কে জৰ্জে সামাজিক মাধ্যমত ৰবিবাৰে প্ৰকাশ কৰিছিল এক আলোকচিত্ৰ ।আলোকচিত্ৰখনত কোনো এক প্ৰতিষ্ঠানৰ ভিতৰ চ'ৰাত যজ্ঞ সম্পন্ন হৈ থকা দেখা গৈছিল ।

উল্লেখ্য যে, আলোকচিত্ৰখনিত প্ৰত্যক্ষ কৰা অনুসৰি কোনো ব্যক্তিগত চিকিৎসালয়ৰ চৌহদ যেন অনুমান হৈছিল প্ৰতিষ্ঠানটি । কিন্তু ৰোগীৰ স্বাস্থ্য, অগ্নি সুৰক্ষাৰ প্ৰতি দৃষ্টি নিদিয়াকৈ কিদৰে এখন চিকিৎসালয়ৰ ভিতৰত সম্পন্ন কৰিব পৰা যায় তেনে এক কাণ্ড ।

প্ৰশ্ন হয়, যদি সেই মুহুৰ্তত কোনো প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প আদি সেই একে সময়তেই সংঘটিত হ'লে চিকিৎসালয় খনত থকা ৰোগীসকলৰ প্ৰাণৰ দায়িত্ব কোনে গ্ৰহণ কৰিলে হয় ? উল্লেখ্য যে, কোনো কোনোৰ মন্তব্য অনুসৰি, এই আলোকচিত্ৰ বেংগালুৰুস্থিত মনিপাল চিকিৎসালয়ৰ । আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এই যজ্ঞ অনুষ্ঠিত কৰিবলৈ ফায়াৰ এলাৰ্ম পৰ্যন্ত বন্ধ কৰি দিছিল চিকিৎসালয় কৰ্তৃপক্ষই । তেনেস্থলত চিকিৎসালয়খনত অগ্নিকাণ্ড সংঘটিত হ'লে কি পদক্ষেপ গ্ৰহণ কৰিলে হয় চিকিৎসালয়খনে ?

এনেধৰণৰ দায়িত্বজ্ঞানহীন লোকৰ হাতত ন্যস্ত নেকি আমাৰ স্বাস্থ্য আৰু ভৱিষ্যত যি ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য নাৰাখি চিকিৎসালয়ৰ ভিতৰতেই যজ্ঞ সম্পন্ন কৰিবলৈ কুন্ঠাবোধ নকৰে ।