ৰাষ্ট্ৰীয়

চৰকাৰে নিষিদ্ধ কৰিলে হুক্কা সেৱন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৎকালীনভাৱে হুক্কা সামগ্ৰীৰ বিক্ৰী, ক্ৰয় আৰু প্ৰচাৰ নিষিদ্ধ কৰিছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটকৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এই সন্দৰ্ভত তথ্য জাৰি কৰিছে। সকলো প্ৰকাৰৰ হুক্কা সামগ্ৰীৰ বিক্ৰী, সঞ্চয়, বিজ্ঞাপন আৰু প্ৰচাৰ নিষিদ্ধ কৰা হৈছে ৰাজ্যখনত।

ৰাজ্য চৰকাৰৰ নিৰ্দেশত লগতে কোৱা হৈছে যে উলংঘনকাৰীসকলক চিওটিপিএ (চিগাৰেট আৰু ধপাত সামগ্ৰী আইন) ২০০৩, শিশু যত্ন আৰু সুৰক্ষা আইন ২০১৫, খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড আইন ২০০৬, কৰ্ণাটক বিষাক্ত (দখল আৰু বিক্ৰী) নিয়ম ২০১৫ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰা হ'ব।

চৰকাৰে কয় যে এই সিদ্ধান্ত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্যা ৰাখি লোৱা হৈছে। চৰকাৰী আদেশটোৱে এয়া বুজাই দিয়া হৈছিল যে ৪৫ মিনিটৰ হুক্কা (ধূমপান) ১০০ টা চিগাৰেট খোৱাৰ সমান আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।