ৰাষ্ট্ৰীয়

কেদাৰনাথৰ ইতিহাস : মহাভাৰতে কি কয় কেদাৰনাথৰ কথা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মী লোকৰ বাবে কেদাৰনাথ ধামৰ গুৰুত্ব অসীম। এই পবিত্ৰ স্থানক বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কেদাৰনাথ ধামক ভগৱান শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। পুৰাণ মতে ভগৱান ভোলেনাথৰ বাসগৃহ এই কেদাৰনাথ। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই কেদাৰনাথলৈ যায় ভোলেনাথক দৰ্শন কৰিবলৈ। ভক্তসকলৰ বিশ্বাস কেদাৰনাথ পৰিদৰ্শনে পূৰণ কৰে মনোবাঞ্চা।

এই পবিত্ৰ স্থানৰ লগত জড়িত বহুতো কাহিনী আছে যদিও মহাভাৰতত কেদাৰনাথ ধামৰ লগত জড়িত এটি কাহিনীৰ বৰ্ণনা আছে। য’ত কেদাৰনাথ মন্দিৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই কথাৰ বিবৰণ পোৱা যায়। মহাভাৰতৰ এই স্থানৰ সৈতে জড়িত কাহিনীৰ বিষয়ে বিতংভাৱে জানো আহক –

ধৰ্মীয় গ্ৰন্থ অনুসৰি পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিক মহাভাৰতৰ যুদ্ধত বিজয় পতাকা উত্তোলন কৰি হস্তিনাপুৰৰ ৰজা কৰা হৈছিল। চাৰি দশক ধৰি তেওঁ হস্তিনাপুৰৰ সিংহাসন দখল কৰিছিল। এদিন পাণ্ডৱ আৰু ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ বিষয়ে আলোচনা কৰি আছিল। এই সময়ত পাণ্ডৱসকলে ভগৱান শ্ৰীকৃষ্ণক ক’লে, হে প্ৰভু, আমাৰ সকলো ভাইৰেই নিজৰ ভাই-ভনীক হত্যা কৰাৰ কলংক আছে। এই কলংকৰ পৰা কেনেকৈ মুক্তি পাব পাৰি ? ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে, আপুনি মহাভাৰতৰ যুদ্ধত জয়ী হৈছে কিন্তু ভাই-ভনীক হত্যা কৰাৰ বাবেই আপুনি পাপৰ অংশ হৈ পৰিছে। কেৱল ভগৱান শিৱইহে আপোনাক এই পাপৰ পৰা মুক্ত কৰিব পাৰে।

এই কথাৰ পিছতেই পাণ্ডৱসকলে মহাদেৱক বিচাৰি হিমালয় পালেগৈ। পাঁচ পাণ্ডৱ আৰু দ্ৰৌপদীয়ে ভগৱান মহাদেৱৰ দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল। আৰু সেয়ে প্ৰথমে পাণ্ডৱকাশী পালেগৈ কিন্তু তাত ভোলেনাথক পোৱা নগ’ল। ইয়াৰ পিছত পাণ্ডৱসকল বহু ঠাইলৈ গৈছিল যদিও ভগৱান শিৱই তেওঁলোক পোৱাৰ আগতেই সেই স্থান ত্যাগ কৰে।

এদিন পাণ্ডৱ আৰু দ্ৰৌপদী ভোলেনাথৰ সন্ধানত হিমালয় পালেগৈ। ভোলেনাথে পাণ্ডৱক দেখাৰ লগে লগে তেওঁ লুকাইছিল যদিও যুধিষ্ঠিয়ে দেখিলে। তেওঁ ভগৱান শিৱক ক’লে যে হে প্ৰভু, আমি আপোনাক নেদেখাকৈ ইয়াৰ পৰা ওলাই নাযাওঁ। আমি ভালদৰে জানো যে আমি পাপ কৰিলোঁ। সেইবাবেই আপুনি আমাৰ পৰা লুকাই আছে।

ইয়াৰ পিছত পাণ্ডৱসকলে মহাদেৱক লগ কৰিবলৈ আগবাঢ়ি যায় কিন্তু একে সময়তে এটা ম’হয়ে তেওঁলোকক আক্ৰমণ কৰে। সেই ম’হটোৰ লগত ভীমে কাজিয়াত লিপ্ত হয়। তেনেতে ম’হটোৱে শিলটোত মূৰটো লুকুৱাই ৰাখে। ভীমে যেতিয়া ম’হটোক শিলৰ পৰা উলিয়াই আনিবলৈ তাৰ ঠেঙত ধৰি টানিলে, তেতিয়া ইয়াৰ পিছত ম’হটোৰ ধড় শিৱলিং হৈ পৰিল আৰু তাৰ পৰা ভগৱান মহাদেৱৰ আবিৰ্ভাৱ হ’ল। ভোলেনাথে পাণ্ডৱসকলক সকলো পাপৰ পৰা মুক্ত কৰে।

ভগৱান ভোলেনাথক তেওঁৰ সন্মুখত দেখি পাণ্ডৱসকলে তেওঁক প্ৰণাম কৰি ভুলৰ বাবে ক্ষমা খুজিলে। ইয়াৰ পিছত ভগৱান শিৱই পাণ্ডৱসকলক স্বৰ্গৰ পথ দেখাই অদৃশ্য হয়। ইয়াৰ পিছত পাণ্ডৱসকলে সেই শিৱলিংগক পূজা কৰে আৰু সেই শিৱলিংগকে কেদাৰনাথ ধাম বুলি জনা যায়।