ৰাষ্ট্ৰীয়

বিতৰ্কত হিন্দী কথাছবি "The Diary of West Bengal"

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বিভিন্ন ছবিয়ে মুক্তিৰ পূৰ্বেই আইনী মেৰপেচ নাইবা বিভিন্ন সংগঠনৰ দ্বাৰা সমস্যাৰ সন্মুখীন হোৱা নজিৰ আছে। তেনে এক ঘটনা সংঘটিত হৈছে "The Diary of West Bengal" নামৰ কথাছবিখনৰ লগত।

বিতৰ্কত হিন্দী কথাছবি "The Diary of West Bengal।" পশ্চিম বংগ আৰক্ষীয়ে চিনেমাখনৰ পৰিচালকক শুকুৰবাৰে এক অভিযোগ জাননী জাৰি কৰে।

উক্ত ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে সনোজ মিশ্ৰ। আনহাতে প্ৰযোজনা কৰিছে জিতেন্দ্ৰ নাৰায়ণ সিঙে। জানিব পৰা মতে এটি সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে সনোজ মিশ্ৰ পৰিচালিত উক্ত ছবিখন।

অভিযোগ অনুসৰি এই ছবিখনত বংগক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে সামাজিক মাধ্যমত "The Diary of West Bengal" ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছিল।

ট্ৰেইলাৰ মুক্তিৰ পিছতেই পশ্চিম বংগ আৰক্ষীয়ে পৰিচালক মিশ্ৰক আইনী জাননী প্ৰেৰণ কৰে। আইনী জাননী অনুসৰি পৰিচালকগৰাকীক অহা ৩০মে'ত দিনৰ ১২ বজাত আমহাৰ্ষ্ট ষ্ট্ৰীট আৰক্ষী থানাত হাজিৰ হ'বলৈ আহ্বান জনায়।