ৰাষ্ট্ৰীয়

''শক্তিশালী নেতা নাথাকিলে পুনৰ আফতাব জন্ম হ'ব,মোডীক আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ সুযোগ দিয়া গুৰুত্বপূৰ্ণ''

Asomiya Pratidin

ডিজিটেল ডেস্ক: ২৬ বছৰীয়া শ্ৰদ্ধা ৱাকাৰৰ ভয়ংকৰ হত্যাকাণ্ডই এতিয়া ঠাই পাইছে গুজৰাট নিৰ্বাচনী প্ৰচাৰত । বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কচ্ছত এক ৰেলীত ৰাইজক সতৰ্ক কৰি দিছে যে যদি দেশত কোনো শক্তিশালী নেতা নাথাকে, তেন্তে প্ৰতিখন চহৰতে আফতাব আমিন পুনাৱালাৰ জন্ম হ'ব । যদি তেনে হয় তেন্তে আমি আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰিম বুলি কয় শৰ্মাই।

শৰ্মাই কয় যে দেশৰ জনতাই নৰেন্দ্ৰ মোডীক কেন্দ্ৰত তৃতীয় কাৰ্যকাল শাসন কৰিবলৈ সুযোগ দিব লাগে। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ বিৱৰণ দি শৰ্মাই ঘটনাটো লাভ জিহাদ বুলি কয় ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে "আফতাবে শ্ৰদ্ধাক মুম্বাইৰ পৰা আনিছিল আৰু লাভ জিহাদৰ নামত তাইক ৩৫ টুকুৰা কৰিছিল।আৰু শৰীৰটো ক'ত ৰখা হৈছিল? ফ্ৰিজত। আৰু যেতিয়া মৃতদেহটো ফ্ৰিজত আছিল, তেওঁ আন এগৰাকী মহিলাক ঘৰলৈ লৈ আহিছিল আৰু তাইৰ সৈতে সম্পৰ্ক কৰিছিল। যদি দেশখনক মাতৃ বুলি গণ্য কৰা কোনো শক্তিশালী নেতা নাথাকে, তেন্তে এনে আফতাব প্ৰতিখন চহৰতে জন্ম হ'ব আৰু আমি আমাৰ সমাজক সুৰক্ষা দিব নোৱাৰিম। সেয়েহে, ২০২৪ চনত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী কৰাটো অতি গুৰুত্বপূৰ্ণ''।

উল্লেখ্য যে, ২০২২ চনৰ ১৮ মেত আফতাবে প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল। তাৰ পাছত মৃতদেহৰ ৩৫ টুকুৰা কৰি ১৮ দিন ধৰি কোনো স্থানত পেলাই থৈ আহিছিল। এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে।

আৰু পঢ়ক: তিহাৰ জেলত আপৰ নেতাৰ ভৰি মালিচ, ভাইৰেল ভিডিঅ'