ৰাষ্ট্ৰীয়

এখন ঘৰৰ বাবে এগৰাকী পত্নীৰ বলিদান স্বামীৰ ৮ ঘন্টাৰ চাকৰিতকৈ কম নহয়ঃ উচ্চ ন্য়ায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ স্বামীয়ে ক্ৰয় কৰা সম্পত্তিত সমান অধিকাৰ আছে পত্নীৰ-এই ৰায় প্ৰদান কৰিছে মাদ্ৰাছ উচ্চ ন্যয়ালয়ে। লগতে কয় যে, এগৰাকী স্ত্ৰীয়ে কৰা কাম স্বামীয়ে কৰা ৮ ঘন্টাৰ চাকৰিতকৈ কম নহয়।

ন্যায়াধীশ কৃষ্ণন ৰামাস্বামীয়ে এহাল দম্পতীৰ সৈতে জড়িত সম্পত্তিৰ বিবাদ সন্দৰ্ভত এই নিৰ্দেশ দিছিল। প্ৰকৃত আৱেদনকাৰী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু তেওঁ সন্তানে এই গোচৰৰ শুনানিত অংশ লয়। ন্যায়ালয়ে লগতে কয়ে যে, আইনে পত্নী বা গৃহিনীৰ দ্বাৰা আগবঢ়োৱা অৱদানক স্বীকৃতি নিদিয়ে, কিন্তু আদালতে ইয়াক স্বীকৃতি দিয়ে।

হয়তো একাংশ পত্নীয়ে প্ৰত্যক্ষভাৱে বিত্তীয় ক্ষেত্ৰত কোনো সহায় নকৰিব পাৰে। কিন্তু ঘৰ এখন চোৱা চিতা, ৰন্ধা বঢ়া, ল'ৰা-ছোৱলীক ডাঙক কৰা ক্ষেত্ৰত যি অৱদান আগবঢ়াই সেয়া কোনো গুনে কম নহয়। পত্নীৰ বাবে তেওঁলোকৰ স্বামীয়ে এটা চাকৰি কৰাৰ সুবিধা পায়। স্বামী আৰু স্ত্ৰীয়ে যি ঘৰৰ চোৱাচিতা কৰে বা বছৰ বছৰ ধৰি পৰিয়ালৰ চোৱাচিতা কৰা পত্নীৰ সম্পত্তিত অধিকাৰ আছে।"

লগতে কয় যে, এগৰাকী পত্নী এখন ঘৰ বা সন্তানৰ বাবে নিজৰ সপোনৰ বলিদান দিয়ে। আবেদনকাৰী মহিলাগৰাকীয়েও দিছিল। কিন্তু তেওঁক এই কষ্টৰ ফলস্বৰূপে শেষত তেওঁৰ বুলি ক'ব পৰা একো নাথাকিল।

এগৰাকী পত্নীয়ে গৃহিণী হোৱাৰ বাবে বহুতো কাম কৰে - মেনেজাৰ, ৰান্ধনী "হোম ডক্টৰ" আৰু লগতে বিত্তীয় দক্ষতাৰ সৈতে "হোম ইকনমিষ্ট"।এগৰাকী পত্নীয়ে তেওঁ অৱদানেৰে ঘৰখনত ভাল কৰি ৰাখে। বছৰত এদিনো ছুটি ন'লৈ ২৪ ঘন্টা কাম কৰা এগৰাকী পত্নীৰ অৱদানক স্বামীৰ ৮ ঘন্টাৰ কামৰ লগত তুলনা কৰিব নোৱাৰি।

উল্লেখ্য যে, আদালতে ২০১৫ চনৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে আদালতে। কংছলা আম্মাল নামৰ এগৰাকী মহিলাই তেওঁৰ স্বামীৰ সম্পত্তিত অংশ দাবী কৰিছিল।বৰ্তমান তেওঁৰ মৃত্যু হৈছে। স্থানীয় আদালতে মহিলা গৰাকীৰ আৱদন খাৰিজ কৰিছিল। কিন্তু শেহতীয়া ৰায়দানত উচ্চ ন্যায়ালয়ে কয় যে, কাঞ্চলা আম্মাল সম্পত্তিত ৫০ শতাংশ অধিকাৰী আছিল।