ৰাষ্ট্ৰীয়

ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে দিল্লীবাসীক

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ কেইবাঠাইতো অব্যহত থকা ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। বুৰাই পেলাইছে কেইটাও বাট-পথ। ফলত যাতায়ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে একাংশ ৰাইজৰ।

মহানগৰখনৰ বদৰপুৰ মেট্ৰ' ৰে'ল ষ্টেচনত পানী জমা হোৱাৰ ফলত নিৰ্ধাৰিত সময়ৰ বহু পলমকৈ ৰে'ল চলাচল কৰাত যন্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ ৰাইজ। কিয়নো স্কুল-কলেজ তথা অফিছ আদি কামৰ বাবে ওলাই যোৱা একাংশই সময়মতে গন্তব্য়স্থান নোপোৱাত নানান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ইফালে শনিবাৰে পুৱাৰ ভাগত দিল্লীৰ বসন্ত বিহাৰ আৰু আৰ কে পুৰম অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।