শেষ হ'ল গুজৰাটৰ নিৰ্বাচনঃ কোনে লাভ কৰিব শাসনভাৰ? চাওঁক এক্সিট পোল...
শেষ হ'ল গুজৰাটৰ নিৰ্বাচনঃ কোনে লাভ কৰিব শাসনভাৰ? চাওঁক এক্সিট পোল... 
ৰাষ্ট্ৰীয়

শেষ হ'ল গুজৰাটৰ নিৰ্বাচনঃ কোনে লাভ কৰিব শাসনভাৰ? চাওঁক এক্সিট পোল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শেষ হ'ল গুজৰাটৰ নিৰ্বাচন। সোমবাৰে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান পৰ্ব অন্ত পৰাৰ পিছতে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুজৰাট নিৰ্বাচনৰ এক্সিট পোল প্ৰকাশ কৰিছে।

এই এক্সিট পোল অনুসৰি পুনৰ গুজৰাটত পদুম ফুলিব। অৰ্থাৎ গুজৰাটত সপ্তমবাৰৰ বাবে পুনৰ বিজেপি শাসনলৈ আহিব। ১৮২ খন আসন থকা গুজৰাট বিধানসভাত এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰে প্ৰৱেশ কৰিব।

নিউজ এক্সৰ মতে ১৮২ খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিব ১১৭ ৰ পৰা ১৪০ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩৪ ৰ পৰা ৫১ খন আসন আৰু আপে ১ ৰ পৰা মাত্ৰ ৩ খন আসনহে লাভ কৰিব।

টিভি-৯ গুজৰাটৰ মতে আকৌ বিজেপিয়ে লাভ কৰিব ১২৫ ৰ পৰা ১৩০ খন আসন। এই এক্সিট পোলৰ মতে কংগ্ৰেছ আৰু এন চি পি মিত্ৰজোঁটে লাভ কৰিব ৪০ ৰ পৰা ৫০ খন আসন।

গুজৰাটত বিজেপিক পৰাস্ত কৰি শাসনলৈ আহিব বুলি দাবী কৰা, নিৰ্বাচনী প্ৰচাৰেৰে চমক সৃষ্টি কৰা আম আদমী পাৰ্টিয়ে লাভ কৰিব মাত্ৰ ৩ ৰ পৰা ৪ খন আসনহে।

ইফালে ৰিপাব্লিক টিভিৰ মতে বিজেপিয়ে লাভ কৰিব ১২৮ ৰ পৰা ১৪৮ খন আসন। কংগ্ৰেছে ৩০ৰ পৰা ৪২ খন আৰু আম আদমী পাৰ্টীয়ে ২ৰ পৰা ১০ খন আসন লাভ কৰিব পাৰে।

উল্লেখ্য যে ১৯৯৫ চনৰ পৰা বৰ্তমানলৈ ২৭ বছৰ ধৰি গুজৰাটত শাসন কৰি আহিছে বিজেপিয়ে। এক্সিট পোলে বিজেপিয়েই পুনৰ শাসনলৈ আহিব বুলি ক'লেও কংগ্ৰেছে পূৰ্বৰ তুলনাত এইবাৰ নিৰ্বাচনত তেওঁলোকে অধিক ভোট লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

একেদৰে আম আদমী পাৰ্টীয়েও তেওঁলোকেই অধিক শাসনভাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আপে দাবী কৰিছে গুজৰাটৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। দিল্লী আৰু পঞ্জাৱত আপৰ শাসন দেশৰ লগতে গুজৰাটে দেখিছে। সেয়ে গুজৰাটবাসীয়ে আপক বিকল্প হিচাপে বাছনি কৰিছে।