গুজৰাট বিধানসভাত বিবিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ...
গুজৰাট বিধানসভাত বিবিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ...  
ৰাষ্ট্ৰীয়

গুজৰাট বিধানসভাত বিবিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিবিচিয়ে প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিতৰ্কিত তথ্যচিত্ৰৰ বিৰুদ্ধে গুজৰাট বিধানসভাত এক প্ৰস্তাৱ গৃহীত কৰা হৈছে। এই প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰক বিবিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

বিজেপি বিধায়ক বিপুল পেটেলে সদনত এই প্ৰস্তাৱ উত্থাপন কৰিছে। তেওঁ সদনত এই সন্দৰ্ভত কয়,বি বি চিয়ে প্ৰস্তুত কৰা তথ্যচিত্ৰত ২০০২ চনৰ ঘটনাসমূহ ভুলকৈ উপস্থাপন কৰিছে। এই তথ্যচিত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰাৰ চেষ্টা কৰা হৈছে।

গুজৰাট বিধানসভাত উত্থাপন হোৱা এই প্ৰস্তাৱক সমৰ্থন জনাইছে বি জে পি বিধায়ক মনীষা ৱেকেল, অমিত থাকাৰ, ধৱলসিংহ জালা আৰু মন্ত্ৰী হৰ্ষ সংঘৱীয়ে।