গুজৰাটী প্ৰৱঞ্চকৰ কাণ্ড ! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া বুলি কাশ্মীৰত ল'লে ৰাজ আতিথ্য...
গুজৰাটী প্ৰৱঞ্চকৰ কাণ্ড ! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া বুলি কাশ্মীৰত ল'লে ৰাজ আতিথ্য... 
ৰাষ্ট্ৰীয়

গুজৰাটী প্ৰৱঞ্চকৰ কাণ্ড ! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া বুলি কাশ্মীৰত ল'লে ৰাজ আতিথ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া হিচাপে পৰিচয় দি কাশ্মীৰত জেড প্লাছ নিৰাপত্তা, বুলেটপ্ৰুফ মহিন্দ্ৰা স্ক'ৰপিঅ', এছ ইউ ভি বাহনৰ সুবিধা লোৱা, পঞ্চতাৰকা হোটেলত শুৱা আৰু খোৱাৰ সুবিধা লোৱা এটা প্ৰৱঞ্চকৰ দলে জন্মু কাশ্মীৰৰ সুৰক্ষাৰ ফুপোলা স্বৰূপটোক উন্মোচিত কৰিছে। গুজৰাটৰ পৰা যোৱা এই প্ৰৱঞ্চকৰ দলটোৰ নেতৃত্ব আছিল কিৰণভাই পেটেল।

এই দলটোৱে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি কাশ্মীৰত চৰকাৰী সুযোগ, সুবিধা গ্ৰহণ কৰি থকাৰ কথা পোহৰলৈ অহাৰ পিছতে ৩ টা প্ৰৱঞ্চকে পলায়ন কৰিছে যদিও দলটোৰ নেতৃত্ব লোৱা কিৰণ ভাই পেটেলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিৰণভাই পেটেল নামৰ ঠগজনে এই বছৰৰ আৰম্ভণিতে শ্ৰীনগৰ দুবাৰকৈ ভ্ৰমণ কৰিছিল।

এই ভ্ৰমণৰ সময়ত তেওঁ বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছিল। নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক হিচাপে পৰিচয় দিয়া পেটেলক ১০ দিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আৰক্ষীয়ে এই বিষয়টো অতি গোপনে ৰাখিছিল।

বৃহস্পতিবাৰে দণ্ডাধীশে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে। উল্লেখ্য যে, ঠগ পেটেলে ফেব্ৰুৱাৰীত কাশ্মীৰ উপত্যকালৈ প্ৰথমবাৰৰ বাবে গৈছিল।

সেইবাৰ তেওঁ স্বাস্থ্য ক্ষেত্ৰৰ দিশসমূহ পৰিদৰ্শন কৰিছিল। অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ নিৰাপত্তাৰ সৈতে বিভিন্ন ঠাই পৰিদৰ্শন কৰিবলৈ যোৱা তেওঁৰ ভ্ৰমণৰ কেইবাটাও ভিডিঅ' পোহৰলৈ আহিছে।

সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ঠগ পেটেলে গুজৰাটৰ পৰা অধিক পৰ্যটক অনা আৰু দুধপথাৰীক এটা মুখ্য পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ বিষয়াসকলৰ সৈতে বৈঠকো কৰিছিল।