ৰাষ্ট্ৰীয়

১৫ ঘণ্টাত ২৮৬ টা মেট্ৰ' ষ্টেচন ভ্ৰমণ কৰি অভিলেখ যুৱকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মেট্ৰ' ষ্টেচন ভ্ৰমি অভিলেখ গঢ়িলে এজন ব্যক্তিয়ে। জীৱনৰ আটাইতকৈ দীঘলীয়া ৰাজহুৱা পৰিবহন যাত্ৰা কৰি অভিলেখ শশাংক মনু নামৰ এজন ব্যক্তিৰ। ১৫ ঘণ্টা ২২ মিনিট ৪৯ ছেকেণ্ডত দিল্লীৰ সকলো মেট্ৰ' ষ্টেচন ভ্ৰমণ কৰিলে মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ বাসিন্দা শশাংক মনুয়ে। যাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল ৩৩ বছৰীয়া শশাংকই।

বিশ্বৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি অভিজ্ঞতা বুটলা শশাংকই ভাৰতৰ পৰিবহন ব্যৱস্থাৰ প্ৰতি ভাৰতৰ বাহিৰত থকা নেতিবাচক ধাৰণাক সলনি কৰিবলৈয়ে এই অভিলেখৰ কথা চিন্তা কৰিছিল। দিল্লী মেট্ৰ'ৰ নেটৱৰ্কক বিশ্ববাসীৰ আগত চিনাকী কৰাই দি ভাৰতৰ যোগাযোগ ব্যৱস্থাও যে অন্য দেশত কৈ কোনো গুণে কম নহয় তাকেই প্ৰমাণ কৰাৰ উদ্দেশ্য আছিল শশাংকৰ। দিল্লী মেট্ৰ'ৰ অনুৰাগী মনুয়ে এই পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ সাধাৰণ যাত্ৰাত প্ৰায়েই লৈ ফুৰিছিল এটি ষ্টপৱাচ।

২০২১ চনতে আৰম্ভ হোৱা যাত্ৰাক দুবছৰীয়া দীঘলীয়া যুঁজৰ পিছত বিশ্ব ৰেকৰ্ড সংস্থাই স্বীকৃতি প্ৰদান কৰাত এতিয়া উৎফুল্লিত শশাংক মনু। উল্লেখ্য ইয়াৰ পূৰ্বে এবছৰত ২৭ খন দেশ ভ্ৰমণ কৰি ইতিমধ্যেই আন এক ৰাষ্ট্ৰীয় অভিলেখৰ ধাৰক শশাংক।

এই যাত্ৰাত একেদিনাই দিল্লী মেট্ৰ' নেটৱৰ্কৰ মুঠ ২৮৬ টা ষ্টেচন সামৰি লৈছিল শশাংকই। পুৱা ৫ বজাত যাত্ৰা আৰম্ভ কৰা শশাংকই ১৫ ঘণ্টাৰ পিছত দিল্লী মেট্ৰ'ৰ সেউজ লাইনত অৱস্থিত ব্ৰিগেডিয়াৰ হোচিয়াৰ সিং ষ্টেচনত যাত্ৰা সমাপ্ত কৰে।