gandhis
gandhis  
ৰাষ্ট্ৰীয়

নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, অংশ নলয় গান্ধী পৰিয়ালে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ এক গুৰুত্ব পূৰ্ণ বৈঠকত উপস্থিত নাথাকে গান্ধী পৰিয়াল। শুকুৰবাৰে দলৰ পৰিচালনা সমিতিৰ সৈতে এক বৈঠক আৰম্ভ হ'ব। কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত আগন্তুক নিৰ্বাচন সন্দৰ্ভত হ'ব বিশেষ আলোচনা। কিন্তু ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নাথাকে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী।

সূত্ৰ অনুসৰি জানিব পৰা মতে গান্ধী পৰিয়ালে কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সকলো দায়িত্ব দিব বিচাৰে। তেওঁৰ সিদ্ধান্তবোৰত যাতে কোনো ধৰণে প্ৰভাৱ নপৰে তাৰ বাবে এই সিদ্ধান্ত লৈছে। অৱশ্যে গান্ধী পৰিয়ালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আলোচনা কৰিবলগীয়া বাকী সন্মিলনত উপস্থিত থাকিব।

উল্লেখ্য যে, আজিৰ পৰাই ৰায়পুৰত কংগ্ৰেছৰ ৮৫ তম পূৰ্ণাংগ অধিৱেশন আৰম্ভ হ'ব। দলটোৱে তিনিদিনীয়া অধিৱেশনৰ সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বুলি আশা কৰা হৈছে। এই বৈঠক সমূহতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে এক ৰোডমেপ প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে।