ৰাষ্ট্ৰীয়

ছত্ৰপতি শিৱাজী মহাৰাজ বিমান বন্দৰত চিনাক্ত বিদেশী মুদ্ৰা

Asomiya Pratidin

ডিজিটেল ডেস্ক: মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমান বন্দৰত চি আই এছ এফে চিনাক্ত কৰিলে বিদেশী মুদ্ৰা। মঙলবাৰে বিমান বন্দৰটিত চি আই এছ এফে ভাৰতীয় মূল্য অনুসৰি প্ৰায় ৩ কোটি বিদেশী মুদ্ৰা চিনাক্ত কৰে।

জানিব পৰা মতে, লিয়াকত আব্দুলা নামৰ যাত্ৰীজনৰ পৰা চি আই এছ এফে উক্ত ধনৰাশি চিনাক্ত কৰে। যাত্ৰী লিয়াকতে মুম্বাইৰ পৰা ডুবাইলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে আহিছিল। নিৰাপত্তা বাহিনীয়ে নথি-পত্ৰ পৰীক্ষণ কাৰ্য চলাওতে তেওঁ লৈ অনা ধনৰ কোনো উপযুক্ত তথ্য-প্ৰমাণ দেখুৱাব নোৱাৰিলে। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চি আই এছ এফে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে।