ৰাষ্ট্ৰীয়

স্বামী-স্ত্ৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ! দিল্লীত জৰুৰী অৱতৰণ কৰিবলগীয়া হ'ল বিমান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ কাজিয়াৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হ'ল যাত্ৰীবাহী বিমানৰ। মিউনিখৰ পৰা বেংককলৈ যোৱা লুফথানছাৰ এখন বিমানত এহাল দম্পতীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। যাৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বিমানখন। বুধবাৰে সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে লুফথানছাৰ বিমান এলএইচ৭৭২ পুৱা ১০.২৬ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (আইজিআইএ) অৱতৰণ কৰা হৈছিল। অৱতৰণৰ পূৰ্বে বিমান খনৰ পাইলটে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰাইছিল। যাৰ বাবে বিমানখন এঘন্টা পলমকৈ উৰে।

সূত্ৰ অনুসৰি জানিব পৰা মতে বিমানত যাত্ৰী হিচাপে থকা এগৰাকী জাৰ্মান ব্যক্তি আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। মহিলাগৰাকী থাইলেণ্ডৰ। প্ৰথমে মহিলাগৰাকী স্বামীৰ বিৰুদ্ধে পাইলটক অভিযোগ উত্থাপন কৰি কয় যে স্বামীয়ে তেওঁক বিভিন্ন ভাবুকি দি আছে। এই ক্ষেত্ৰত তেওঁলোকৰ হস্তক্ষেপ বিচাৰিছিল মহিলাগৰাকীয়ে।

উল্লেখ্য যে, বিমানৰ ভিতৰতে জাৰ্মানীৰ ব্যক্তিগৰাকীয়ে খাদ্য দলিয়াইছিল, লাইটাৰৰ দ্বাৰা কম্বল জ্বলাবলৈ চেষ্টা কৰিছিল। কেৱল ইমানেই নহয়, পত্নীৰ সৈতে চিঞৰ বাখৰ কৰি এক হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীক বিমানৰ পৰা নমাই দিয়ে চিআইএছএফ কৰ্মচাৰীয়ে।