সেনাৰ গুলীত নিহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ অপচেষ্টাত লিপ্ত ৫ সন্ত্ৰাসবাদী...
সেনাৰ গুলীত নিহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ অপচেষ্টাত লিপ্ত ৫ সন্ত্ৰাসবাদী... 
ৰাষ্ট্ৰীয়

সেনাৰ গুলীত নিহত পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ অপচেষ্টাত লিপ্ত ৫ সন্ত্ৰাসবাদী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ ৫ টাকৈ কেডাৰ নিহত হ'ল ভাৰতীয় সেনাৰ গুলীত। জম্মু কাশ্মীৰৰ কুপুৱাৰা জিলাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰথমে সেনাৰ গুলীত দুটা সন্ত্ৰাসবাদী নিহত হয়। পৰৱৰ্তী সময়ত আন তিনিটা সন্ত্ৰাসবাদীৰ মৃত্যু হয়। নিয়ন্ত্ৰণ ৰেখাৰে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা এই লস্কৰ-ই-তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ আন কেডাৰৰ সৈতে এতিয়াও গুলীয়াগুলী অব্যাহত আছে বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত এক্সত সেনাবাহিনীৰ ফালৰ পৰা উল্লেখ কৰিছে যে, ভাৰতীয় সেনা বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষী, চোৰাংচোৱা বিভাগৰ যৌথ অভিযানত ২৬ অক্টোবৰত অনুপ্ৰৱেশৰ চেষ্টাক বাধা দিয়া হৈছে। আৰক্ষীৰ মুখপাত্ৰৰ ফালৰ পৰা জনোৱা অনুসৰি কুপুৱাৰা জিলা আৰক্ষীৰ তথ্যৰ ভিত্তিতে মাছাল চেক্টৰত এনকাউণ্টাৰ আৰম্ভ হয়।

আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে এই সন্দৰ্ভত কয়, জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত এতিয়া ১৬ টা 'লঞ্চিং পেড' সক্ৰিয় হৈ আছে। যাৰ জৰিয়তে উগ্ৰপন্থীসকলে পাকিস্তানৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ কৰি আছে।

বুধবাৰে, আৰক্ষী আৰু সেনাৰ শীৰ্ষ বিষয়াসকলে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ শ্ৰীনগৰৰ ১৫ ক’ৰ্পৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকতে এজন সেনা বিষয়াই কয় যে, স্থানীয় লোকসকলৰ উগ্ৰবাদত যোগদান কৰাৰ প্ৰৱণতা যথেষ্ট হ্ৰাস পাইছে। সেয়েহে সীমান্তৰ সিপাৰৰ পাকিস্তানৰ পৰা কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰা হৈছে। বৈঠকতে এই  অপচেষ্টাক কেনেদৰে প্ৰতিৰোধ কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি, শীতকালত বৰফৰে আবৃত নিয়ন্ত্ৰণ ৰেখাৰ মাজেৰে জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ প্ৰায় অসম্ভৱ। সেয়েহে প্ৰতি বছৰে শীতকালৰ আৰম্ভণিতে উগ্ৰপন্থীসকলে পাকিস্তানৰ পৰা দেশখনত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে।

যোৱা এমাহত জম্মু আৰু কাশ্মীৰত মুঠ ছয়বাৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা হৈছে। অৱশ্যে প্ৰতিবাৰেই এই অনুপ্ৰৱেশক বাধা দিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই। চলিত বছৰচ এই পৰ্যন্ত কাশ্মীৰত ৪৬ টা উগ্ৰপন্থী নিহত হৈছে। তাৰ ভিতৰত ৩৭ টা উগ্ৰপন্থীয়েই পাকিস্তানী। বাকী ৯ টা স্থানীয় বাসিন্দা।