ৰাষ্ট্ৰীয়

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ ১০ হাজাৰ আৰু শ্ৰমিকৰ শিশুলৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যিকোনো ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত হোৱাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা। আনহাতে উন্নত শিক্ষা ব্যৱস্থাই দেশৰ অৰ্থনৈতিক,ৰাজনৈতিক আৰু সামাজিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

এই লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে শৈক্ষিক ক্ষেত্ৰত গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ। ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃদ্ধি কৰিছে বিত্তীয় সাহাৰ্য।

জানিব পৰা মতে, নৱম শ্ৰেণীৰ পৰা দ্বাদশ তথা উচ্চ শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় সাহাৰ্য পৰিমাণ বৃদ্ধি কৰিছে। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে, ইয়াৰ ফলত ৰাজ্যখনৰ শিক্ষাৰ্থীসকল উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক যাত্ৰাত কিছু পৰিমাণে হ'লেও সকাহ পাব।

বৰ্ধিত বিত্তীয় সাহাৰ্যৰ পৰিমাণ অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলে বছৰি লাভ কৰিব ১০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য। আনহাতে, মুখ্যমন্ত্ৰী খাট্টাৰে উল্লেখ কৰে যে, ৰাজ্যখনৰ শ্ৰমিকসকলৰ শিশুৰ শিক্ষাৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে বছৰি ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব।

ইয়াৰোপৰি কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবেও বিভিন্ন সহায়-সহযোগিতামূলক পদক্ষেপৰ কথা উল্লেখ কৰে।