ৰাষ্ট্ৰীয়

আজি সংসদত বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি সংসদত দাখিল হ'ব কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেট। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। বৃহস্পতিবাৰে পুৱা ১১-০০ বজাত সংসদত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই বাজেটে হ'ব নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন বাজেট। লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰিবলগীয়া এই বাজেটত কেতবোৰ বিশেষ পেকেজ ঘোষণাৰ সম্ভাৱনা আছে।

এই বাজেটত কি কি বিষয় সন্নবিষ্ট হ'ব তাকলৈ সাধাৰণ ৰাইজৰ মাজত উৎসুকতাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে এই বাজেট ৪মাহৰ বাবে বলৱৎ হ'ব। ৪মাহৰ বাবে অত্যাৱশ্যকীয় সেৱা আৰু বিত্তীয় বৰ্ষৰ প্ৰথম কেইমাহৰ ব্যয় সামৰি লোৱাৰ বাবেই দাখিল কৰা হয় অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট।