ৰাষ্ট্ৰীয়

লজ্জাজনক ! নৱজাতকৰ মুখত থুৱালে পিতৃয়ে, মাতৃক শোধালে পূৰ্ণহতীয়া চৰ !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিৰোনাম দেখিলেই হতচকিত হৈ পৰা এই কাহিনী। এনে পিতৃৰ প্ৰতি যিকোনো ব্যক্তিৰে ঘৃণা ওপজাটো স্বাভাৱিক। মাতৃয়ে পঞ্চমবাৰৰ বাবে কন্যা সন্তান জন্ম দিয়াৰ বাবে নিৰ্দয় পিতৃয়ে সংঘটিত কৰিলে এই কাণ্ড।

ৰাইবৰেলীৰ লালগঞ্জ সামূহিক স্বাস্থ্য কেন্দ্ৰত এগৰাকী মহিলাই জন্ম দিলে ৫টি কন্যা সন্তান। যাৰ বাবে ক্ষোভিত হৈ পৰিল পিতৃ। কন্যা সন্তান জন্ম দিয়াৰ বাবেই মাতৃক পূৰ্ণহতীয়া চৰ দি সদ্যজন্মপ্ৰাপ্ত দেৱশিশুটিৰ মুখত খোদ পিতৃয়ে থুৱাই দিয়ে।

এই কাণ্ডই হতচকিত কৰি তোলে স্বাস্থ্য কেন্দ্ৰটিত উপস্থিত সকলোকে। অৱশ্যে লগে লগেই স্বাস্থ্য কেন্দ্ৰটিত উপস্থিত চিকিৎসকে ব্যক্তিগৰাকীক স্বাস্থ্য কেন্দ্ৰটিৰ পৰা বাহিৰ কৰি দিয়ে।

এই ঘটনা উত্তৰ প্ৰদেশৰ ৰাইবৰেলী লালগঞ্জ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ। গংগাপুৰ বৰস গাঁৱৰ এগৰাকী মহিলাই স্বাস্থ্য কেন্দ্ৰটিত পঞ্চমবাৰৰ বাবে কন্যা সন্তান জন্ম দিয়াৰ বাবে স্বামী মাধৱ ক্ষোভিত হৈ পৰে আৰু লগে লগে উপস্থিত হয় স্বাস্থ্য কেন্দ্ৰটিত।

স্বাস্থ্য কেন্দ্ৰটিত উপস্থিত হৈয়েই মহিলাগৰাকীক শোধায় চৰ। তাতেই ক্ষান্ত নাথাকি ব্যক্তিগৰাকীয়ে কন্যা সন্তানটিৰ মুখতো থুৱাই দিয়ে। এইক্ষেত্ৰত বাধা দিয়া লোকসকলৰ সৈতেও কাজিয়াত লিপ্ত হয় ব্যক্তিগৰাকী। পাছত আৰক্ষীত চমজাই দিয়াৰ হুংকাৰ দি সেই স্থানৰ পৰা খেদি পঠিওৱা হয় লোকগৰাকীক।