ৰাষ্ট্ৰীয়

নিৰ্বাচনী বণ্ডঃ নাম ক'ত ৰিলায়েন্স, আদানীৰ? কোনে দিলে ৰাজনৈতিক দলক ১৬৩৮ কোটি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতে এছবিআইয়ে দাখিল কৰিছিল নিৰ্বাচনী বণ্ডৰ তথ্য। এছবিআইয়ে দাখিল কৰাৰ তথ্য ৰাজহুৱা কৰিবলৈ ন্যায়ালয়ে সময় দিছিল ১৫ মাৰ্চ। কিন্তু ইয়াৰ এদিন পূৰ্বেই ১৪ মাৰ্চত নিৰ্বাচন আয়োগে দাখিল কৰিলে নিৰ্বাচনী বণ্ডৰ তথ্য।

৩৩৭ পৃষ্ঠা আৰু ৪২৬ পৃষ্ঠাৰ দুখন তালিকাত ২২,২১৭ বণ্ডৰ জৰিয়তে ধন লাভৰ তথ্য প্ৰকাশ। আয়োগে দাখিল কৰা প্ৰথমখন তালিকাত আছে ৰাজনৈতিক দলসমূহে কোন দিনা কিমান ধন লাভ কৰিছিল। ইয়াৰ বিপৰীতে দ্বিতীয়খন তালিকাত আছে কোন কোম্পানীয়ে কোন দিনা বণ্ড ক্ৰয় কৰিছিল। কিন্তু ৰহস্যজনকভাৱে কোন কোম্পানীৰ পৰা কোনটো ৰাজনৈতিক দলে ধন লাভ কৰিছিল ইয়াৰ কোনো তথ্য নাই তালিকাত।

ৰহস্যজনকভাৱে এই তালিতাক নাই ভাৰতৰ ডাঙৰ কোম্পানীৰ। আয়োগে দাখিল কৰা তালিকাত নাম নাই বিশিষ্ট উদ্যোগপতি গৌতম আদানী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিছৰ। অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ কোম্পানী ২টা এই তালিকাৰ পৰা বাহিৰত আছে।

তালিকা প্ৰকাশৰ পূৰ্বে সকলোৱে ভাবি আছিল যে তালিকাত গৌতম আদানী আৰু মুকেশ আম্বানীয়ে মুখ্যস্থান পাব। কিন্তু তেনে নহ'ল। তালিকাখন প্ৰকাশ হোৱাৰ ঠিক এদিন আগতে,আদানি গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পাইছিল। বিশেষজ্ঞই কৈছিল যে, বিনিয়োগকাৰীসকলৰ শংকাৰ ফলত এনে হৈছিল।

প্ৰতিবেদন অনুসৰি, উৰাবাতৰিৰ প্ৰচাৰ হৈছিল যে আদানি গোটে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। যাৰ বাবে শ্বেয়াৰসমূহ বিনিয়োগকাৰীয়ে বিক্ৰী কৰে। কিন্তু তালিকাত আদানি গ্ৰুপৰ নাম আছিল । ইয়াৰ অৰ্থ এয়ে যে তেওঁলোকে নিৰ্বাচনী বণ্ড ব্যৱহাৰ কৰা নাছিল।

তালিকাত নাম নাই ৰিলায়েন্স গ্ৰুপৰ। ৰাহুল গান্ধীয়ে অভিযোগ কৰি আহিছে যে মোডী চৰকাৰৰ সকলো নীতি আদানি আৰু আম্বানীৰ দৰে নিৰ্বাচিত লোকসকলক লাভান্বিত কৰাৰ বাবে। কিন্তু তালিকা মতে ৰিলায়েন্সে কোনো নিৰ্বাচনী বণ্ড ক্ৰয় কৰা নাছিল।

অৱশ্যে একাংশই সন্দেহ কৰিছে যে গৌতম আদানী, মুকেশ আম্বানীৰ দৰে উদ্যোগপতিয়ে ভুৱা কোম্পানী নিৰ্মাণ কৰাতো ডাঙৰ কথা নহয়। অৰ্থাৎ ভুৱা নামেৰে খোলা কোম্পানীৰ দ্বাৰা তেওঁলোকে বণ্ড ক্ৰয় কৰিব পাৰে।

ইয়াৰ বিপৰীতে শীৰ্ষ ছান্দা দিয়াসকলৰ ভিতৰত আছে ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ, মেঘা ইঞ্জিনিয়াৰিং, পিৰামল এণ্টাৰপ্ৰাইজেছৰ দৰে ডাঙৰ কোম্পানীৰ নাম। তালিকাখনত এপোলো টায়াৰ, লক্ষ্মী মিত্তাল, এডেলৱাইছ, পিভিআৰ, কেভেণ্টাৰ, চুলা ৱাইন, ৱেলস্পুন, চান ফাৰ্মা আদি । টৰেণ্ট পাৱাৰ, ভাৰতী এয়াৰটেল এই তালিকাৰ শীৰ্ষ স্থানত আছে।

ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ (লটাৰী মাৰ্টিন)য়ে সৰ্বাধিক ১,৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। আনহাতে, মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে ৯৮০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। ফিউচাৰ গেমিংয়ে ২০১৯ চনৰ পৰা প্ৰতিটো ১ কোটি মূল্যৰ ১৩৬৮ টা নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছে যাৰ মূল্য ১৩৬৮ কোটি।