ঈদ-উদ-ফিটৰ
ঈদ-উদ-ফিটৰ 
ৰাষ্ট্ৰীয়

কাইলৈ ঈদ, দেশৰ সমূহ ইছলামধৰ্মী লোকে পালন কৰিব পবিত্ৰ ঈদ-উদ-ফিটৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত এক মাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা ।

এই ৰোজাৰ শুকুৰবাৰে শেষ দিন । আজি ৰোজাৰ শেষ দিনটোত প্ৰতিটো দিনৰ দৰেই আজিৰ সন্ধিয়াও ৰাজ্যবাসীৰ লগতে দেশৰ সমূহ ইছলাম ধৰ্মৰ লোকসকলো শেষ ৰোজা পালন কৰিব ।

আৰু শনিবাৰৰ দিনটোত অৰ্থাৎ ২২ এপ্ৰিলৰ দিনটোত সমগ্ৰ দেশৰ ইছলাম ধৰ্মীৰ লোকে পালন কৰিব পবিত্ৰ ঈদ-উদ-ফিটৰ । প্ৰতিবছৰে দান দিয়া পৰ্বটো পুনৰাবৃত্তি হয় বাবে ঈদ-উল-ফিটৰ বোলা হয় । ফিটৰ মানে হৈছে দান দিয়া পৰ্ব ।

এই ঈদত সকলোৱে আনন্দ উৎসৱত ভাগ লয় । আৰু সামৰ্থবানসকলে দৰিদ্ৰসকলক ঈদৰ আনন্দ সমানে উপভোগ কৰিবলৈ যাত পাৰে তাক লৈ জাকাত দিয়া পৰ্ব প্ৰচলিত আছে ।

এই জাকাতৰ উদ্দেশ্য হ'ল অভাবী লোকসকলে যাতে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হয় তাৰ বাবে সামর্থবান লোকে সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দান কৰে ।

ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰিব এই পবিত্ৰ ঈদ-উল ফিটৰ ।