ৰাষ্ট্ৰীয়

পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ইডিৰ চমন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ ইডিৰ চমন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰনলৈ। ধন কেলেংকাৰীৰ গোচৰত ইডিয়ে তেওঁক এই চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বে শনিবাৰে তেওঁৰ বাসগৃহত সোধা-পোছা কৰা হৈছিল। ইয়াৰ আগতে তেওঁ কেইবাটাও চমনত প্ৰশ্নৰ বাবে উপস্থিত হোৱা নাছিল।

এইবাৰ, তেওঁলোক ২৭ ৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত সংস্থাটোৰ আঞ্চলিক কাৰ্যালয়লৈ আহিবলৈ কোৱা হৈছে। হেমন্ত সোৰেনে দাবী কৰিছে যে তেওঁ ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে।

মুখ্যমন্ত্ৰীক গৰাকীক শনিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) য়ে ৭ ঘণ্টাতকৈও অধিক সময় ধৰি সোধা-পোছা কৰিছিল। সোৰেনক ৭ বাৰকৈ চমন জাৰি কৰাৰ পাছত এই সোধা পোছাত অংশ লৈছিল। এতিয়া পুনৰ ইডিয়ে জাৰি কৰিছে চমন।