মধুপুৰ সত্ৰত দৌল উৎসৱ পালন...
মধুপুৰ সত্ৰত দৌল উৎসৱ পালন... 
ৰাষ্ট্ৰীয়

মধুপুৰ সত্ৰত দৌল উৎসৱ পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ অসমৰ বিভিন্ন সত্ৰৰ লগতে উত্তৰ বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে দৌল উৎসৱ পালন কৰা হৈছে। সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে দৌল উপলক্ষে ৬ মাৰ্চৰ সন্ধিয়া সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতে বন্তি প্ৰজ্বলন কৰি গোন্ধ পৰ্ব পালনৰ জৰিয়তে দৌল উৎসৱৰ পাতনি মেলা হয়।

আজি অৰ্থাৎ ৭ মাৰ্চত মদন-মোহনক দৌলত স্থাপন কৰি নাম প্ৰসংগ কৰা হয়। কাইলে মধুপুৰ সত্ৰত ৮ মাৰ্চত ৰং খেলাৰ লগতে ৯ মাৰ্চত ভক্তসকলৰ মাজত বোকা খেলেৰে হোলী উৎসৱ পালন কৰা হ'ব।