ৰাষ্ট্ৰীয়

'ছাৰ্জিকেল ষ্ট্ৰাইক' মিছা বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, দলে কৰিলে বিৰোধিতা...

Asomiya Pratidin

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত কৰা মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি, কংগ্ৰেছকে ধৰি বহু দল-সংগঠন, সেনাৰ উচ্চ বিষয়াই। বিজেপিৰ প্ৰৱক্তা ৰবিশংকৰ প্ৰসাদে কয় যে দেশৰ আইন সুৰক্ষাৰ প্ৰতি কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰি দিছে। এয়া অতি দুৰ্ভাগ্যজনক বুলিও কয় তেওঁ।

সোমবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত মন্তব্য প্ৰদান কৰি চৰকাৰৰ ওপৰত মিছা কোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। জম্মু-কাশ্মীৰৰ ভাৰত জোড়ো যাত্ৰাত এখন সভা সম্বোধন কৰি তেওঁ ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা উত্থাপন কৰিছিল। লগতে কৈছিল যে আমি লোকক হত্যা কৰিছিলো। কিন্তু আজিলৈকে ইয়াৰ কোনো প্ৰমাণ নাই।

দিগ্বিজয় সিঙে পুলৱামা কাণ্ডৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। বাহনৰ পৰীক্ষা চলাৰ পাছতো কেনেকৈ সন্ত্ৰাসবাদী আহিল,সন্ত্ৰাসবাদীয়ে ৩০০ কিলোগ্ৰাম আৰডিএক্স ক'ৰ পৰা পাইছিল বুলিও প্ৰশ্ন কৰিছিল। ? পাকিস্তান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়েও জানিব বিচাৰো বুলি কৈছিল তেওঁ।

সিঙৰ এই মন্তব্যৰ পাছতেই সমগ্ৰ দেশত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আনকি কংগ্ৰেছেও কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত তেওঁৰ মন্তব্য ব্যক্তিগত আছিল। সেয়া কংগ্ৰেছৰ বিচাৰ ধাৰা নহয়। ভাৰতৰ নিৰাপত্তাজনিকত কাৰণত সেনাই লোৱা পদক্ষেপ সদায় কংগ্ৰেছে সমৰ্থন কৰি আহিছে।

আৰু পঢ়ক: উন্নয়নৰ নুমনা! ধন দিয়াৰ পাছতো চৰকাৰী গৃহ নাপালে এটি দুৰ্ভগীয়া পৰিয়ালে...