মহিলাক পুৰুষৰ সম অধিকাৰ দিলে ৰাক্ষসৰ শাৰীলৈ উন্নিত হয়ঃ ৰাজ্যসভাত চৰ্চা যোগী আদিত্যনাথৰ পূৰ্বৰ মন্তব্য...
মহিলাক পুৰুষৰ সম অধিকাৰ দিলে ৰাক্ষসৰ শাৰীলৈ উন্নিত হয়ঃ ৰাজ্যসভাত চৰ্চা যোগী আদিত্যনাথৰ পূৰ্বৰ মন্তব্য... 
ৰাষ্ট্ৰীয়

মহিলাক পুৰুষৰ সম অধিকাৰ দিলে ৰাক্ষসৰ শাৰীলৈ উন্নিত হয়ঃ ৰাজ্যসভাত চৰ্চা যোগী আদিত্যনাথৰ পূৰ্বৰ মন্তব্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভাত পাছ হ'ল মহিলা সংৰক্ষণ বিল। এইবাৰ ৰাজ্যসভাত উত্থাপন কৰা হৈছে এই বিল। শাসকীয় বিজেপিয়ে এই বিলক লৈ এতিয়া ঢোল কোবাই ৰাজনীতি আৰম্ভ কৰিছে যদিও এসময়ত এই বিলৰ বিৰোধিতা কৰিছিল বিজেপিয়ে।

কেৱল এই বিল বিৰোধিতা কৰাই নহয়, বিজেপি সাংসদে মহিলাক পুৰুষৰ সমান অধিকাৰ দিলে ৰাক্ষসলৈ ৰূপান্তৰ হ'ব বুলিও মন্তব্য কৰিছিল। ৰাজ্যসভাত মহিলা সংৰক্ষণ বিল উত্থাপন কৰাৰ পাছতে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ওব্ৰাইনে টানি আনিলে ২০১০ চনৰ ৰাজ্যসভাৰ এক প্ৰসংগ।

২০১০ চনতো এই বিল ৰাজ্যসভাত উত্থাপন কৰা হৈছিল। সেই সময়ত উত্তৰ প্ৰদেশৰ এতিয়াৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰাজ্যসভাৰ সাংসদ আছিল। সেইসময়ত আদিত্য নাথে ৰাজ্যসভাত এই বিলৰ বিৰোধিতা কৰি কৈছিল-  এই বিল পাছ হ’লে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা ডুবি যাব। পুৰুষে যদি নাৰীৰ বিশেষত্বক বিকশিত কৰে তেন্তে পুৰুষ দেৱতাৰ শাৰীলৈ উন্নিত হয়। কিন্তু নাৰীৰ ক্ষেত্ৰত পুৰুষৰ বৈশিষ্টসমূহ বিকশিত কৰে তেন্তে তেওঁলোক ৰাক্ষস হৈ পৰে। নাৰী স্বাধীনতা সম্পৰ্কে পশ্চিমীয়া ধাৰণাক ভাৰতীয় প্ৰেক্ষাপটত বিচাৰ কৰাৰ দৰকাৰ।

যোগী আদিত্য নাথৰ সেই সময়ৰ এই মন্তব্য পুনৰ উত্থাপন কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক ওব্ৰাইনে জানিবলৈ বিচাৰে বিজেপিয়ে সঁচাকৈয়ে নাৰীৰ ক্ষমতাক গুৰুত্ব দিছেনে? তেওঁ কয়, নাৰীৰ ওপৰত হোৱা সকলো অৱদমন নাৰীৰ বাবে নহয়। ইয়াৰ আঁৰত আছে পুৰুষৰ নাৰীৰ প্ৰতি থকা দৃষ্টিভংগী।

এই কথা উল্লেখ কৰি তেওঁ মহিলা মল্লযুঁজাৰুসকলে উত্থাপন কৰা বিজেপি সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ ৰাজ্যসভাত এক প্ৰস্তাৱো উত্থাপন কৰে। তেওঁ কয়, সকলোকে ব’ৰ্ডত ৰাখি এক যথাযথ আলোচনা হওক আৰু এক-তৃতীয়াংশ সংৰক্ষণ কৰা হওক মহিলাৰ বাবে। আমি ইয়াক সমৰ্থন কৰিম। ইয়াক লৈ খৰধৰ কৰাৰ প্ৰয়োজন নাই।