ৰাষ্ট্ৰীয়

''মহিলাক যৌন নিৰ্যাতন কৰা হৈছিল'' ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে তথ্য বিচাৰিলে আৰক্ষীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই দেওবাৰে সাক্ষাৎ কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ দিয়া ভাষণৰ সময়ত কেইগৰাকী মান মহিলাৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিষয়ে জনাইছিল। এই সন্দৰ্ভতে আজি গান্ধীক সাক্ষাৎ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনাই যে, মহিলা কেইগৰাকীক পৰিচয় দিয়াৰ বাবে গান্ধীক কিছু সময়ৰ প্ৰয়োজন। ৰাহুল গান্ধীয়ে আৰক্ষীক জনাই যে ভাৰত জোড়়ো যাত্ৰাত তেওঁ বহু মানুহক লগ পাইছিল। গতিকে তেওঁৰ কিছু সময়ৰ প্ৰয়োজন।কিন্তু শীঘ্ৰেই আৰক্ষীক তথ্য় প্ৰদান কৰিব।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে ৩০ জানুৱাৰীত শ্ৰীনগৰত কৈছিল যে ভাৰত জোড়ো যাত্ৰা সময়ত তেওঁ বহু মহিলাক লগ পাইছিল। একাংশ মহিলাই কৈছিল যে তেওঁলোকক ধৰ্ষণ কৰা হৈছিল। আৰু মহিলা কেইগৰাকী আৰক্ষীৰ ওচৰলৈও যোৱা নাছিল। এই মহিলা কেইগৰাকী সন্দৰ্ভতে আৰক্ষীয়ে ১৬ মাৰ্চত ৰাহুল গান্ধীক জাননী প্ৰেৰণ কৰিছিল।

আৰক্ষীয়ে কয় যে মহিলা কেইগৰাকীৰ বিষয়ে জনাতো দৰকাৰ। ই এটা গুৰুতৰ বিষয়। আৰু আৰক্ষীয়ে কয় যে মহিলা কেইগৰাকীয়ে ন্যায় পোৱাতো আৱশ্যক।