ৰাষ্ট্ৰীয়

এয়া প্ৰেম নহয়! প্ৰেমিক আফতাবে ৩৫ টুকুৰা কৰিলে শ্ৰদ্ধাৰ মৃতদেহ, কাৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: দিল্লী হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে শ্ৰদ্ধা নামৰ যুৱতী গৰাকীৰ প্ৰেমিক আফতাব আমিন পুনাৱালাক গ্ৰেপ্তাৰ কৰিছে।

শ্ৰদ্ধাৰ সৈতে বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ন কৰা ৰজত শুক্লাই এক বিবৃতি জাৰি কৰি কয় যে ঘটনাটো শুনাৰ পাছত অন্তৰ আত্মা কঁপি উঠিছে। তেওঁ ইয়াৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰৰ সন্দেহ কৰিছে। লগতে কয় যে এয়া প্ৰেম কাহিনী হ'ব নোৱাৰে। প্ৰেম কাহিনী এনেদৰে শেষ নহয়।

ৰজতে লগতে কয় যে আফতাব কোন, তেওঁৰ মনত কি আছে ইয়াৰ তদন্ত কৰা উচিত। উল্লেখ্য যে, ৰজত শ্ৰদ্ধাৰ পুৰণি বন্ধু।

উল্লেখ্য যে, ৫ মাহ পূৰ্বে ১৮ মে'ত আফতাবে তেওঁৰ লিভ ইন সংগী শ্ৰদ্ধাক হত্যা কৰিছিল। ইয়াৰ পিছত শ্ৰদ্ধাৰ মৃতদেহক ৩৫ টুকুৰাকৈ কাটি দিল্লীৰ বিভিন্ন অঞ্চলত সেই মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল। শ্ৰদ্ধাৰ শৰীৰ টুকুৰাবোৰ সম্পূৰ্ণকৈ পেলাবলৈ আফতাবক সময় লাগিছিল মুঠ ১৮ দিন।

এই ১৮ দিন আফতাবে শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহৰ অংশবোৰ ৰাখিবলৈ এটা প্ৰকাণ্ড ফ্ৰীজো ক্ৰয় কৰি আনিছিল। বিগত ৫ মাহে শ্ৰদ্ধাৰ কোনো খবৰ নোপোৱাত যোৱা ৮ নৱেম্বৰত শ্ৰদ্ধাৰ পিতৃ ৫৯ বছৰীয়া বিকাশ মদন ৱাকাৰে দিল্লীৰ মেহৰৌলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰৈ আহিছে।

শ্ৰদ্ধা আৰু আফতাতবৰ মাজৰ সম্পৰ্ক বহুদিনীয়া। কিন্তু তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল শ্ৰদ্ধাৰ পৰিয়ালে। যাৰ বাবে তেওঁলোকে দিল্লীত একেলগে থাকিবলৈ লৈছিল। তাৰ পাছতেই পৰিয়ালৰ লগত প্ৰায় সম্পৰ্ক এৰি দিছিল শ্ৰদ্ধাই। কেইবাদিনো ধৰি ছচিয়েল মিডিয়াত শ্ৰদ্ধাৰ কোনো পোষ্ট নেদেখি চিন্তিত হৈছিল পৰিয়াল। তাৰ পাছতেই পোহৰলৈ আছিল নৃশংস হত্যাকাণ্ডৰ ঘটনা।

উল্লেখ্য যে, শ্ৰদ্ধাই বিয়া পতাৰ কথা কৈছিল আফতাবক। বিয়াক লৈয়ে তেওঁলোকৰ মাজত কাজিয়া হৈছিল যাৰ পৰিণতিত শ্বাসৰুদ্ধ কৰি প্ৰেমিকে হত্যা কৰিছিল শ্ৰদ্ধাক।


আৰু পঢ়ক: মিজোৰামত অঘটন! মাটিৰ তলত জীৱন্তে পোত গ'ল প্ৰায় ১২ জন শ্ৰমিক