প্ৰতীকী আলোকচিত্ৰ
প্ৰতীকী আলোকচিত্ৰ
ৰাষ্ট্ৰীয়

বিয়াৰ প্ৰলোভন দি কিশোৰীক বেশ্যা বৃত্তিত নিয়োগ, গ্ৰেপ্তাৰ ৫

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ ভিতৰত আছে মানৱ সৰবৰাহকাৰী ঘটনাও। ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে এনে ধৰণৰ এক ঘটনা।

আৰক্ষীয়ে দেওবাৰে জনাই এই কথা। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীক প্ৰথমে অপহৰণ কৰা হয় আৰু পৰৱৰ্তী সময়ত বেশ্য বৃত্তিত নিয়োগ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কিশোৰ সহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষীৰ মতে কিশোৰী গৰাকী নিজৰ ককা- আইতাকৰ লগত আছিল। কিশোৰা গৰাকীৰ চনু নামৰ এজন বন্ধু আছিল। চনুৱে কিশোৰী গৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দিছিল। তাৰ পাছত চনুৱে আন দুজন কিশোৰৰ লগত মিলি কিশোৰী গৰাকীক নিজৰ ঘৰলৈ লৈ গৈছিল।

চনুৰ ঘৰত কিশোৰী গৰাকীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল। চনু আৰু মাতৃয়ে মিলি কিশোৰী গৰাকীক প্ৰহাৰ কৰিছিল, চুলি কাটি দি বন্ধক বনাই থৈছিল।

তাৰ পাছতে বেশ্যা বৃত্তিত নিয়োগ কৰিছিল কিশোৰী গৰাকীক। সদায় নতুন নতুন গ্ৰাহক আনিছিল চনুয়ে। বাবু মিঞা আৰু আনন্দ কুমাৰ নামৰ দুজন লোকেও কেইবাবাৰো কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল।

কিশোৰী গৰাকী ঘৰৰ পৰাই নিৰুদ্দেশ হোৱাৰ পাছৰ পৰাই ককা-আইতাকে এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তদন্ত কৰিয়েই কিশোৰী গৰাকীক অভিযুক্তৰ কবলৰ পৰা মুক্ত কৰিছিল লগতে গ্ৰেপ্তাৰ কৰে ৫ জনক। আন ২ গৰাকী অভিযুক্ত মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বিগত ফেব্ৰুৱাৰী মাহৰ পৰা কিশোৰী গৰাকীক এই বৃত্তিত নিয়োগ কৰি ৰাখিছিল।