এম চি ডিৰ স্থায়ী কমিটিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপ আৰু বিজেপিৰ মাজত মাৰপিট...
এম চি ডিৰ স্থায়ী কমিটিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপ আৰু বিজেপিৰ মাজত মাৰপিট...  
ৰাষ্ট্ৰীয়

এম চি ডিৰ স্থায়ী কমিটিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আপ আৰু বিজেপিৰ মাজত মাৰপিট...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিল্লীত আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজৰ সংঘাতে লয় ভয়ংকৰ ৰূপ। দুয়োটা দলৰ নেতা লিপ্ত হয় মাৰপিটত। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ এম চি ডি হাউচত।

এম চি ডিৰ স্থায়ী কমিটীৰ নিৰ্বাচনৰ ভোটগণনাৰ মাজতে সংঘটিত হয় এই ঘটনা। এম চি ডি হাউচত কাউঞ্চিলৰ সকলে মাৰপিটত লিপ্ত হয়। একাংশ কাউঞ্চিলৰে মেজৰ ওপৰত উঠি আন কাউঞ্চিলৰক প্ৰহাৰ কৰাৰ দৰেও ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে এটা ভোটক কেন্দ্ৰ কৰি এই লংকাণ্ড সংঘটিত হয়। বাদ পৰি ৰোৱা নাছিল মহিলা কাউঞ্চিলৰ সকলো। তেওঁলোকেওঁ এগৰাকীয়ে আনগৰাকীৰ চুলিত ধৰি মাৰপিটত লিপ্ত হৈছিল।

এই ঘটনাত কেইবাজনো পাৰিষদ আঘাতপ্ৰাপ্ত হৈছে। উল্লেখ্য যে আজি পুৱাৰে পৰা পাৰিষদৰ সকলৰ মাজত সংঘাত আৰম্ভ হৈছিল। যি সংঘাতে সন্ধিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল।

বিজেপিৰ অভিযোগ অনুসৰি স্থায়ী কমিটীৰ সদস্যৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মেয়ৰ গৰাকীয়ে ইচ্ছাকৃত ভাৱে এটা ভোট অবৈধ ঘোষণা কৰিছিল। আনহাতে পৌৰ সচিবগৰাকীয়ে এই ভোট অবৈধ নহয় বুলি ঘোষণা কৰিছিল।

অবৈধ ঘোষণা হোৱা এই ভোটৰ বাবেই আপৰ প্ৰাৰ্থী জয়ী হ'ব আৰু বিজেপিৰ প্ৰাৰ্থী পৰাজিত হ'ব। এম চি ডি হাউচত সংঘটিত হোৱা এই লংকা কাণ্ডৰ পিছতে স্থায়ী সমিতিৰ নিৰ্বাচন বাতিল কৰা হৈছে।

পুনৰ ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন হ'ব এম চি ডিৰ স্থায়ী কমিটীৰ নিৰ্বাচন। উল্লেখ্য যে এম চি ডিৰ মুঠ ২৫০ খন আসন আছে। সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১২৬ খন আসন। বৰ্তমান এম চি ডিত আম আদমী পাৰ্টীৰ শক্তি ১৩৪ আৰু বিজেপিৰ ১০৪। আনহাতে কংগ্ৰেছৰ ৯ খন।