ৰাষ্ট্ৰীয়

ব্লেক ফাংগাছৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয় বিশেষ নিৰ্দেশ…

asomiyapratidin

ডিজিটেল ডেস্ক  : মহামাৰী কোৰোনাৰ গ্ৰাসত ত্ৰস্তমান ভাৰত।প্ৰতিদিনে হাজাৰ হাজাৰ  লোক নতুনকৈ কোৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ খবৰে দেশবাসীৰ নিদ্ৰা হৰণ কৰাৰ সময়তে ভাৰত পুনৰ সন্মুখীন হৈছে অন্য এক প্ৰত্যাহ্বানৰ। দেশত সৰ্বমুঠ ১,২৫০ জন লোক বৰ্তমানলৈকে আক্ৰান্ত হৈছে ব্লেক ফাংগাছত।এই ৰোগত আক্ৰান্ত হৈ  ভাৰতত ১,১৯৩ জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৮ জন ৰোগীয়ে ইতিমধ্যে আৰোগ্যতা লাভ কৰিছে। ভাৰতত ৩৯ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে মাৰাত্মক এই ব্লেক ফাংগাছত। তাৰমাজতে ব্লেক ফাংগাছৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে বিশেষ নিৰ্দেশ প্ৰদান কৰিছে।

ব্লেক ফাংগাছৰ ঔষধ নীতিৰ ওপৰত কেন্দ্ৰলৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশত নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া উচিত বুলি উল্লেখ কৰিছে । কাৰণ দেশ এখন আগুৱাই নিয়াৰ ক্ষেত্ৰত পুৰণি প্ৰজন্মতকৈ নতুন প্ৰজন্মই অধিক ভূমিকা পালন কৰি অহা দেখা যায়। ইয়াৰ ওপৰিও দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে কেন্দ্ৰক ব্লেক ফাংগাছৰ চিকিৎসাত ব্যৱহৃত ঔষধ লিপোচোমাল এম্ফোটেৰিচিন বি-ৰ বিতৰণৰ নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ে কেন্দ্ৰক ব্লেক ফাংগাছৰ  চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধ এম্ফোটেৰিচিন বি ঔষধৰ প্ৰস্তুত পদ্ধতিৰ ওপৰত নীতিগত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিয়াৰ লগতে ৰোগীসকলৰ বাবে এই ঔষধ অতি সোনকালে উপলব্ধ কৰিব লাগে বুলিও উল্লেখ কৰে। লগতে ন্যায়ালয়ে কয় যে এই সন্দৰ্ভত চিকিৎসা বৃত্তিধাৰীসকলৰ পৰা পোৱা যিকোনো সিদ্ধান্ত আৰু তথ্য স্পষ্ট কৰি দিব লাগিব কেন্দ্ৰই।

ন্যায়াধীশ বিপিন সংঘী আৰু জছমিত সিঙৰ এটা খণ্ড বিচাৰপীঠে কেন্দ্ৰক এই ক্ষেত্ৰত নীতি প্ৰস্তুত কৰি এই সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰা হৈছে তাৰ এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।অৱশ্যে ন্যায়ালয়ে স্পষ্ট কৰি কয় যে "পুৰণি প্ৰজন্মই পৰিয়াল, বিশেষকৈ ভাৰতীয় পৰিয়ালবোৰৰ মাজত থকা আৱেগিক সমৰ্থনক উচ্চ ন্যায়ালয়ে এক মুহূৰ্তৰ বাবেও আঘাত কৰিব বিচৰা নাই, কিন্তু এই জটিল পৰিস্থিতিত এনে পৰ্যায়ত কঠিন বাছনি কৰাতো অনিচ্ছাকৃত ভাৱে প্ৰয়োজনীয়।পৰবৰ্তী সময়ত ব্লেক ফাংগাছৰ সংক্ৰমণ ভাৰতত কিদৰে প্ৰতিৰোধ কৰিব পৰা য়ায়, মৃত্যুৰ আৰু আক্ৰাতৰ হাৰ কিদৰে হ্ৰাস কৰিব পৰা যায় এই সন্দৰ্ভত কেন্দ্ৰই নীতি প্ৰস্তুত কৰি এক প্ৰতিবেদন উচ্চ ন্যায়ালত শুকুৰবাৰৰ ভিতৰত দাখিল কৰিব লাগিব।