যদি ঘটি থাকে এইবোৰঃ মাৰ খাবলৈ কোন যাব ‘ডাক্টৰ’ হ’বলৈ…

যদি ঘটি থাকে এইবোৰঃ মাৰ খাবলৈ কোন যাব ‘ডাক্টৰ’ হ’বলৈ…

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ বৰ্বৰতাৰো এটা সীমা থাকে। কোভিডৰ সময়ত কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে সেৱা আগবঢ়াই আছে সেই কথা সকলোৱে বুজা আৰু হৃদয়াংগম কৰা উচিত। চিকিৎসকসকল এতিয়া ভগৱান সদৃশ হৈ পৰিছে। তেনে সময়ত লংকাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত সংঘটিত বৰ্বৰ কাণ্ডৰ গৰিহনা দিয়াৰ ভাষা নাইকিয়া হৈছে। চিকিৎসক হিচাপে এজন ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈকে চিকিৎসকে অপ্ৰাণ চেষ্টা কৰে। সেই চেষ্টা কেতিয়াবা বিফল হয়। তাৰ বাবে চিকিৎসকৰ ওপৰত এই ধৰণৰ আক্ৰমণ কোনো বিবেকবান লোকে কৰিব নোৱাৰে। মৃত্যুৰ বাবে চিকিৎসকক জগৰীয়া কৰা এই আক্ৰমণকাৰী ব্যক্তিসকলে ৰোগীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ আহিছিল। তেনে অৱস্থাত চিকিৎসকৰ হাতত কি 'মিৰাকল' থাকিব পাৰে যে ইচ্ছা কৰিলেই ৰোগীক সুস্থ কৰি তুলিব পাৰে।

সেউজ সেনাপতি নামৰ আক্ৰমণৰ বলি হোৱা চিকিৎসকগৰাকীয়ে চিকিৎসা জীৱন আৰম্ভ কৰিছিলে। সোমবাৰে চিকিৎসক হিচাপে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম সাং কৰি যোগদান কৰা চিকিৎসকগৰাকীৰ দ্বিতীয় দিনাই এই অমানৱীয় কাণ্ডৰ চিকাৰ হ'ল। লোহাৰ ৰ'ড, লাঠী, চৰিয়া আদিৰে চিকিৎসকগৰাকীক কোনো বিচাৰ নকৰাকৈ প্ৰহাৰ কৰা সকল পশুৰো অধম।

যিটো ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে, সেই ভিডিঅ'য়ে এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে যে- অসমত চিকিৎসক সকলৰ নিৰাপত্তাৰ দিশটো আজিও চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাই। পূৰ্বতে এনে ঘটনা সংঘটিত হোৱাৰ পাছত চিকিৎসক সকলে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাৰে বাৰে দাবী তুলি আহিছিল। এই দাবীৰ প্ৰতি চৰকাৰে উদাস দৃষ্টি গ্ৰহণ কৰাৰ ফলতেই আজি পুনৰবাৰ এনে এক ঘটনা সংঘটিত হ'ল।

এই ঘটনাত ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছো আক্ৰমণৰ বলি হৈছিল। অতি সংকটজনক অৱস্থাত চিকিৎসাধীন ললিতা ভৰালীয়ে জানিবলৈ দিয়া মতে, দিনৰ প্ৰায় ১০.৩০ বজাত এই চিকিৎসালয়খনৰ কোভিড কেয়াৰ চেন্টাৰলৈ গিয়াছ উদ্দিন নামৰ লোকজনক অনা হৈছিল। ৰোগীৰ অৱস্থা তেতিয়াই সংকটজনক আছিল। কিয়নো উশাহ লোৱাত কষ্ট পাইছিল ৰোগীগৰাকীয়ে।

নাৰ্ছগৰাকীয়ে নিজেই তেওঁক চাৰি বাৰকৈ পৰীক্ষা কৰি অক্সিমিটাৰেৰে তেওঁৰ অক্সেজন চাইছিল। ঘন ঘনকৈ উশাহ লৈ থকা ৰোগীগৰাকীৰ মৃত্যুৰ হোৱাৰ পাছত তেওঁৰ সৈতে অহা এটা বৃহৎ দলে এই চিকিৎসালয়খনত আক্ৰমণৰ ঘটনা সংঘটিত কৰে। চিকিৎসকগৰাকীয়ে দায়িত্ব লৈ আহিয়েই ৰোগীগৰাকীৰ অৱস্থা গুৰুতৰ দেখি পিপিই কীট পৰিধান নকৰাকৈয়ে হাতত গ্ল'বছ পিন্ধি তেওঁক চাইছিল।

কোভিড কেয়াৰত থকা আন ৰোগীসকলক নাৰ্ছগৰাকীয়ে পিপিই কীট পৰিধান কৰিয়েই তাৰ মাজতে আহাৰ বিলাব লগা হৈছিল। কিন্তু হঠাৎ এই গিয়াছ উদ্দিন নামৰ লোকজনৰ এটেণ্ডেন্স হিচাপে অহা দলটোৱে এফালৰ পৰা তাণ্ডৱ চলাই গৈছিল। এজনে সেই দৃশ্য ম'বাইলত বন্দীও কৰিছিল। নাৰ্ছ গৰাকীয়ে ভয়তে প্রথমে এটা ৰূমত আৰু তাৰপাছত বাথৰূমত গৈ পলাব লগা হৈছিল।

এনেদৰে আত্মৰক্ষাৰ চেষ্টা কৰিলেও দৰ্জা ভাঙি নাৰ্ছ গৰাকীক উলিয়াই আনি দৰ্জাৰ কাঠেৰে প্ৰহাৰ কৰি গৈছিল। ভৰিত ধৰি নাৰ্ছ গৰাকীয়ে তেওঁক নামাৰিবলৈ কাতৰ প্ৰাৰ্থনা জনাইছিল যদিও, সেই মুহূৰ্তত এই কথা কোনোৱে শুনা নাছিল। কান্দি কান্দি আন এটা বাথৰূমত গৈ তেওঁ পুনৰ আত্মগোপন কৰাৰ চেষ্টা কৰিলেও তাৰ পৰাও বিচাৰি আনি পুনৰ প্ৰহাৰ কৰিছিল। তাৰপাছত অচেতন হৈ পৰিছিল ললিতা ভৰালী নামৰ এই নাৰ্ছ গৰাকী।

চিকিৎসক ডাঃ সেউজ সেনাপতিক কি ধৰণে প্ৰহাৰ কৰিছে সেই দৃশ্য ইতিমধ্যে ভাইৰেল হোৱা ভিডিঅ'ত সমগ্ৰ বিশ্বই দেখিছে। সম্ভৱ অসমেই এনে এখন ৰাজ্য য'ত চিকিৎসকক এই ধৰণে আক্ৰমণ কৰাৰ সাহস কৰে। এই চিকিৎসক গৰাকীৰ ঘৰ আছিল নগাঁৱৰ দক্ষিণপাটৰ বালিগাঁৱত। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্ৰী গ্ৰহণ কৰা ডাঃ সেনাপতিয়ে আত্মৰক্ষাৰ বাবে কোনো সুযোগেই নাপালে।

কেৱল পুৰুষেই নহয়, মহিলায়ো তেওঁক ভৰিৰে গোৰ, চেণ্ডেলৰ কোব সোধাইছিল। আনকি হাতত চৰিয়া লৈ , চচপেনেৰে ইবাৰৰ পাছত সিবাৰ তেওঁক প্ৰহাৰ কৰি গৈছিল। চিকিৎসক গৰাকীয়ে কোনোমতে প্ৰাণ লৈ ১২ কিলোমিটাৰ দূৰ গাড়ী চলাই এই অৱস্থাৰে পলাব লগা হৈছিল। এই দলটোৱে তেওঁৰ পৰা সোণৰ ছেইন কাঢ়ি লোৱা, মবাইল ফোন ভাঙি পেলোৱা আৰু তেওঁ পিন্ধি থকা চচমা যোৰো নষ্ট কৰি পেলাইছিল।

লংকাৰ এই বৰ্বৰ কাণ্ডৰ পাছত সমগ্ৰ দেশৰ চিকিৎসক সকলেই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখাই আৰু চৰকাৰী চিকিৎসক সন্থাই ইয়াৰ বিৰুদ্ধে গৰিহনা দি ২ জুনত অসমৰ সকলো চিকিৎসালয়ৰ বহিঃ বিভাগৰ কামকাজ বন্ধ ৰাখে। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীকো তেওঁলোকে এক ই-মেইল বাৰ্তা প্ৰেৰণ কৰিছে।

চিকিৎসকসকলৰ নিৰাপত্তাৰ দিশতো পুনৰবাৰ অৱগত কৰি চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ নিৰাপত্তাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী তেওঁলোকে উত্থাপন কৰিছে। তাৰ ভিতৰত অতি শীঘ্ৰেই দোষী সকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা , দ্য এপিডেমিক ডিজিজ এক্ট, ১৯৮৭, দ্য এপিডেমিক ডিজিজেজ (এমেণ্ডমেন্ট) অৰ্ডিনেন্স, ২০২০, দ্য আছাম মেডিকেয়াৰ ছাৰ্ভিচ পাৰ্ছনছ এণ্ড মেডিকেয়াৰ ছাৰ্ভিছ ইনষ্টিটিউশ্যন (প্ৰিভেনশ্যন অৱ ভায়লেন্স এণ্ড ডেমেন্স টু প্ৰপাৰ্টী) এক্টৰ লগতে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি কঠোৰ শাস্তি দিবলৈ দাবী কৰা হৈছে।

আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকা ২৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে – ১) মহম্মদ কামাৰুদ্দিন, ২) মহম্মদ জয়নাল উদ্দিন, ৩) ছাইফুল আলম, ৪) ৰেহানুদ্দিন, ৫) ৰাজুল ইছলাম, ৬) ৰহিম উদ্দিন, ৭) ছাহিল ইছলাম, ৮) তায়েবুৰ ৰহমান, ৯) আব্দুল কালাম, ১০) নুৰজুল ইছলাম, ১১) দিলৱাৰ হুছেইন, ১২) জামিল আহমেদ, ১৩) মিছ মিছবা বেগম, ১৪) আনোৱাৰ হুছেইন, ১৫) ৰহিমুদ্দিন, ১৬) ইক্ৰামূল হুছেইন, ১৭) আব্দুল গুমি, ১৮) নাছিৰুদ্দিন, ১৯) আলিমুদ্দিন, ২০) মফিজুৰ ৰহমান, ২১) আব্দুল হুছেইন, ২২) ছৰিফুদ্দিন, ২৩) ছফিকুদ্দিন আৰু ২৪) মতিবুৰ ৰহমান।

আৰক্ষীয়ে এতিয়া এই অপৰাধী কেইটাৰ ক্ষেত্ৰত কিমান ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেয়া লক্ষণীয় হ'ব। চিকিৎসকসকলে আৰু সচেতন ৰাইজে ফাষ্ট ট্ৰেক আদালতত তিনি মাহৰ ভিতৰত তেওঁলোকৰ শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে উদালী আদৰ্শ চিকিৎসালয়লৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

তেওঁ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ওপৰত কেতিয়াও কোনো কাৰণতে এনে আক্ৰমণ চলিব নোৱাৰিব আৰু তেনে কৰা সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব বুলি জানিবলৈ দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিল্লীৰ পৰাই এই ঘটনা সন্দৰ্ভত আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। শীঘ্ৰেই তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ব্যক্তিগতভাৱে এই ঘটনাৰ সন্দৰ্ভত তদন্তৰ নিৰীক্ষণ কৰি আছে আৰু দোষীক শীঘ্ৰেই চিনাক্ত কৰি শাস্তি বিহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এনে ঘটনা সংঘটিত হোৱাৰ পাছত আমি প্ৰতিবাদ কৰো। ঘটনাৰ বাবে দুখ ব্যক্তি কৰি পুনৰ সেইবোৰ কথা পাহৰি যাও। কিন্তু চিকিৎসকসকলৰ ওপৰত চলা এই আক্ৰমণ ৰাজ্যখনত প্ৰায় সাধাৰণ ঘটনাৰ দৰেই হৈ পৰিছে। চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজৰ এই সংঘাতৰ কাৰণ কি? সেই দিশতো কিছু কথা অৱলোকন কৰাৰ প্ৰয়োজন আছে।

এয়া এক সামাজিক ব্যাধি হৈ পৰিছে। এজন চিকিৎসকক গঢ় দিবলৈ যথেষ্ট সময়, পৰিশ্ৰম আৰু অৰ্থৰ ব্যয় হয়। চিকিৎসক সকলক সেৱাৰ মূল্য দিবলৈ আমি শিকা উচিত। ভাৰতত এতিয়াও ৰোগী অনুপাতে প্ৰয়োজনীয় চিকিৎসক নাই। চিকিৎসকসকলে সদায় বিভিন্ন প্ৰত্যাহ্বানৰ মাজত তেওঁলোকৰ দায়িত্ব সম্পন্ন কৰিব লগা হয়। গ্ৰামাঞ্চলত চিকিৎসকসকলে যথেষ্ট সীমাবদ্ধতাৰ মাজেৰে চিকিৎসা প্ৰদান কৰে।

একপক্ষীয়ভাৱে চিকিৎসকসকলক দোষ দি তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা প্ৰৱণতা অন্ত পেলাব নোৱাৰিলে চিকিৎসক আৰু ৰোগীৰ মাজৰ সম্বন্ধত আৰু ফাঁট মেলিব। এই দিশত প্ৰতিজন লোকেই চিকিৎসকৰ প্ৰতি শ্ৰদ্ধাশীল আৰু তেওঁলোকৰ ত্যাগক সন্মান জনোৱাৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান ক্ৰমেই কোভিডৰ প্রথম ঢৌৰ সময়ত থাল-বাতি বজাই চিকিৎসকলৈ সন্মান প্ৰদৰ্শন কৰা হৈছিল। সমগ্ৰ দেশেই সেয়া কৰিছিল।

কিন্তু সেই কোৰোনাৰ চিকিৎসাত ব্যস্ত চিকিৎসকক চচপেন, গামলাৰে ইমান বৰ্বৰভাৱে প্ৰহাৰ কৰা হ'ল এই খন অসমত। চিকিৎসকৰ ওপৰত , স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা এই আক্ৰমণকাৰীসকলক এনে শাস্তি প্ৰদান কৰিব লাগে যাতে ইয়াৰ পাছত কোনেও চিকিৎসকৰ গাত হাত তুলিবলৈ সাহস নকৰে। প্ৰকট গৰমত আপুনি কিমান সময় মাস্কখন মুখত পিন্ধি থাকিব পাৰে? নিজেই এবাৰ কল্পনা কৰক। ইয়াৰ বিপৰীতে চিকিৎসকে কোভিড ৰোগীক চিকিৎসা কৰাৰ সময়ত ১০-১২ ঘন্টাৰ বেছি সময় পিপিই কীট পিন্ধি দায়িত্ব পালন কৰে। কেৱল অভিযোগ তুলি চিকিৎসকৰ গাত হাত থোৱা সেই সকল লোকক এনে শিক্ষা দিয়া উচিত যাতে চিকিৎসকৰ ওপৰত হাত তোলাৰ ফল কি হ'ব পাৰে সেই কথা চিৰদিনৰ বাবে মনত ৰাখিব লগা হয়।

যদি এই ধৰণৰ ঘটনাবোৰ বন্ধ নহয়, তেনে হ'লে ইয়াৰ প্ৰভাৱ নতুন প্ৰজন্মৰ ওপৰতো পৰিব। এতিয়ালৈকে সৰুৰে পৰা সকলোৰে লক্ষ্য থাকে এজন চিকিৎসক হোৱাৰ । যদি চকুৰ সন্মুখত এনেবোৰ ঘটনা ঘটি থাকে তেনেহ'লে হয়তো এনে এটা দিন আহিব যিদিনা চিকিৎসক হ'বলৈও মেধাৱী ছাত্ৰ-ছাত্ৰী আগবাঢ়ি নাহিব। ইয়াৰ বিপৰীতে তেওঁলোকে বাচি ল'ব পৃথক বৃত্তি। মাৰ খাবলৈ কোন ডাক্টৰ হ'ব বুলি এক মানসিকতা গঢ় লোৱাৰ পূৰ্বেই এই সমস্যা সমাধান কৰিবই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in